ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত বঙাইগাঁৱৰ ভাণ্ডাৰাত দুদিনীয়াকৈ আৰম্ভ আমছুৰ পঞ্চদশ কেন্দ্ৰীয় অধিৱেশন

IMG_20210213_183211

বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰাত আজিৰে পৰা দুদিনীয়াকৈ আমছুৰ পঞ্চদশ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছে।

আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ আৰু কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদে জানিব দিয়া মতে পূৰ্বে আমছুৰ পৰা বহিস্কাৰ কৰা কেইজনমান ব্যক্তিয়ে আমছুৰ বিৰুদ্ধে চক্ৰান্ত মূলক ভাৱে কেন্দ্ৰীয় অধিৱেশন বন্ধ কৰিবলৈ কামৰূপ চিভিল কোৰ্টত আবেদন জনোৱাত ৰেজাউল কৰিম সৰকাৰ নেতৃত্বাধীন আমছুৰ সকলো কাৰ্যসূচী বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল।

 গুৱাহাটী উচ্চ ন্যায়ালয়ে  কামৰূপ চিভিল কোৰ্টৰ নিৰ্দেশনা খাৰিজ কৰি আমছুৰ সভা, সমিতি অনুষ্ঠিত কৰিবলৈ কোনো বাধা নাই বুলি নিৰ্দেশ দিয়ে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ লাভ কৰি ১৩,১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হবলগীয়া সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পঞ্চদশ কেন্দ্ৰীয় অধিৱেশনৰ শুৱাৰম্ভ কৰে সভাপতি ৰেজাউল কৰিম সৰকাৰে ।

বঙাইগাওঁ জিলাৰ ভাণ্ডাৰাত উপস্থিত হৈ সাংবাদিকৰ আগত কয় আমছু জাতীয় সংগঠন, গতিকে সৰ্বস্থৰৰ ৰাইজৰ সহযোগত অধিৱেশনত সমন্বয়ৰ সেঁতু গঢ়িবলৈ আমছুৰ কৰ্ম কৰ্তা সকলোৰ লগতে সৰ্বস্তৰৰ ৰাইজক আহ্বান জনাইছে।

কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদে জানিব দিয়া মতে অধিৱেশনত বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হব। আমছুৰ প্ৰাক্তন নেতা কৰ্মী, বৰ্তমানৰ সৰ্বস্তৰৰ নেতা কৰ্মীৰ লগতে বঙাইগাঁও জিলা বাসী ৰাইজৰ সহযোগিতা কামনা কৰিছে ।পুৱা ৮ বজাত আমছুৰ শতাধিক পতাকা উত্তোলনৰ শুভাৰম্ভ কৰে সৰকাৰে।

পিছত শ্বহীদ বেদীত মাল্যৰ্পন, বৃক্ষ ৰোপণ, ছাফাই অভিযান, দুখীয়া লোকৰ মাজত ফল মুল বিতৰণ, আৰু দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। আবেলি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় আৰু নিশা প্ৰতিনিধি  আৰু  বিষয় বাচনি সভা অনুষ্ঠিত হব।