কোহিমাত আৰক্ষী আৰু গীৰ্জাৰ কৰ্মীৰ বাবে এইডছৰ প্ৰশিক্ষণৰ ওপৰত মডিউল প্ৰকাশ

HIV

বৃহস্পতিবাৰে কোহিমাত আইন বলৱৎকাৰী এজেঞ্চিসমূহ আৰু ফেইথ বেছড অৰ্গেনাইজেশ্যন নামৰ সংস্থাটোৰ বাবে এটা এইচ আই ভি  আৰু এইডছ প্ৰশিক্ষণ মডিউল এটা  আজি মুকলি কৰা হয়।

এইচ আই ভি আৰুএইডছৰ বিষয়ে সচেতনতা সৃষ্টি কৰা,  সজাগতাৰ সৃষ্টি কৰা আৰু দোষী সাব্যস্ত কৰা আদি বিষয়ৰ ওপৰত এই মডিউলটো তৈয়াৰ কৰা হৈছে।

নাগালেণ্ডৰ মুখ্য সচিব টেমজিম টয়ে কৈছে যে  এইচ আই ভি আৰু এইডছৰ বিষয়টো সজাগতা, সচেতনতা সৃষ্টি কৰা আৰু দোষী সাব্যস্ত কৰা আদিৰো আধিক।

নাগালেণ্ডৰ শীৰ্ষ আমোলাজনে পৰ্যৱেক্ষণ কৰিছে যে নতুন নতুন প্ৰত্যাহ্বান সৈতে মনোযোগ দিবলগীয়া দিশবোৰো সলনি হৈছে।

‘প্ৰথমতে  যি সকলৰ মাজত সংক্ৰমণৰ সম্ভাৱনা অধিক, যেনে  ট্ৰাক ড্ৰাইভাৰ আৰু মহিলা যৌন কৰ্মী আৰু হস্তক্ষেপকাৰী গোট  আৰক্ষীৰ ওপৰত অধিক মনোযোগ দিয়া হৈছিল। সংক্ৰমণৰ অধিক সম্ভাৱনাযুক্ত গোটসমূহৰ উপৰিও পীড়িত গোটসমূহৰ ওপৰত মনোযোগ দিয়াৰ বাবে নাগালেণ্ড ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমাজ আৰু সক্ৰিয়ভাৱে জড়িত অন্যন্য সংস্থাসমূহলৈ  টয়ে আহ্বান জনায়।

আধুনিকীকৰণ আৰু মুক্তকৰণে  এইচ আই বি আৰু এইডছৰ বিষয়ে সজাগতা অনা  সত্ত্বেও আচৰণগত পৰিৱৰ্তন নোহোৱাত তেওঁ খেদ প্ৰকাশ কৰে। তেওঁ স্কুলীয়া আৰু কলেজীয়া শিক্ষাৰ্থীৰ মাজতো এই বিষয়টো লৈ যোৱাৰ লগতে তেওঁলোকৰ মাজত বিষয়টোৰ সম্পৰ্কত সজাগতা আনি আচৰণগত পৰিৱৰ্তন সাধন কৰাত জোৰ দিয়ে।

নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান ৰূপিন শৰ্মাই মন্তব্য কৰিছে যে এইডছক কাবু কৰাৰ বাবে আৰক্ষীৰ পালন কৰিবলগীয়া দুটা ভূমিকা আছে। এটা হৈছে প্ৰশিক্ষণ মডিউলটো গ্ৰহণ কৰা আৰু দ্বিতীয়টো হৈছে সুচলকাৰকৰ ভূমিকা।

এইডছ আক্ৰান্ত ব্যক্তিক সমাজত এতিয়াও এক ঘৃণাৰ চকুৰে চোৱাটোত সঞ্চালক প্ৰধানজনে দুখ প্ৰকাশ কৰি আইন বলৱৎকাৰী এজেঞ্জিসমূহক সেই লোকসকলৰ প্ৰতি সুৰক্ষাত্মক হ’বলৈ আহঊআন জনায়।

কৃপা ফাউণ্ডেশ্যনৰ সঞ্চালক আবউ মেৰে তেওঁৰ উদ্বোধনী ভাষণত মন্তব্য কৰিছে যে এই কৰ্যসূচীয়ে আৰক্ষী আৰু গীৰ্জাৰ কৰ্মীসকলক সামূহিকভাৱে এইডছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা প্ৰদান কৰাৰ লগতে আক্ৰান্তৰ প্ৰতি ঘৃণা আৰু আচুতীয়া ভাব আঁতৰ কৰাত সহায়ক হ’ব। তেওঁ আশা প্ৰকাশ কৰে যে মডিউলটোৱে এইডছ মহামাৰীক বুজি পোৱা আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাত সহায় কৰিব।