NORTHEAST NOW (Assamese)

অপ্ৰতিৰোধ্য কৰ’নাৰ মাজতে অসমলৈ কিছু আশাৰ কিৰণ

May 30, 2020 7:04 pm · কল্পজ্যোতি শইকীয়া

ৰাজ্যত অপ্ৰতিৰোধ্য ক’ৰ’ণাৰ সংক্ৰমণ। কিন্তু তাৰ মাজতে কিছু আশাৰ কিৰণ আহিছে ৰাজ্যখনলৈ।

আজিৰ দিনটোত ৰাজ্যত ক’ৰ’ণামুক্ত হৈছে ৩৮গৰাকী লোক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে লোকসকলক।

শিলচৰ মেডিকেল কলেজৰ পৰা ১৪গৰাকী, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা ১১গৰাকী, বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৮গৰাকী, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৩গৰাকী আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ২গৰাকী লোকক কিছু সময় পূৰ্বে মুক্তি দিয়া হৈছে।

লোককেইগৰাকীক দুবাৰকৈ টেষ্ট কৰাত নিগেটিভ ওলোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

এতিয়ালৈকে ৰাজ্যত ক’ভিড-১৯ৰ পৰা আৰোগ্য হৈ উঠিছে ১৬৩গৰাকী ব্যক্তি।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যত ২৪ ঘণ্টাত মুঠ ৬০গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

কালিৰ দিনটোত মুঠ ২২গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

ইয়াৰে MMCH ৰ পৰা ১২গৰাকী লোকক মুক্তি দিয়া হৈছিল। কামৰূপ মহানগৰৰ ৯গৰাকী, নগাওঁ হোজাইৰ দুগৰাকী আৰু বাক্সাৰ ১গৰাকী মুকলি দিয়া হৈছে। MMCHত মুঠ ১৪৫গৰাকী লোকক ভৰ্তি কৰোৱা হৈছিল। ইয়াৰে বৰ্তমানলৈকে ৭৩গৰাকী সুস্থ হৈ ঘৰলৈ উভটিছে।

ইয়াৰোপৰি শিলচৰ মেডিকেল কলেজৰ পৰা তিনিগৰাকী, যোৰহাট মেডিকেল কলেজৰ পৰা এগৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

ইয়াৰোপৰি কালিৰ দিনটোতে GMCHৰ পৰা মুক্তি দিয়া হৈছিল ৬গৰাকী লোকক।

যোৱা ২৮ মে’ত ১৬গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

কালিৰ পৰা আজিলৈকে ৬০গৰাকী ৰোগীক মুক্তি দিয়াৰ ফলত ৰাজ্যত ৯৩০লৈ হ্ৰাস পালে ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা। ৰাজ্যত এতিয়ালৈকে ১৬৩গৰাকী লোক ক’ৰ’ণা মুক্ত হৈছে।

যোৱা ২৭ মেত ৰাজ্যত ২৫গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৩ মে’ত দন্ত চিকিৎসক ডঃ দীপা ডেকা সুস্থ হৈ উঠাৰ বাবে তেওঁক GMCHৰ পৰা মুক্তি দিয়া হৈছিল। তেওঁৰ লগতে অন্য এগৰাকী মহিলা ৰোগীকো মুক্তি দিয়া হৈছিল GMCHৰ পৰা। দুয়োগৰাকীৰ দুবাৰকৈ পৰীক্ষা কৰাৰ অন্তত কোভিড-১৯ নিগেটিভ ওলোৱাত যাবলৈ দিয়া হৈছিল চিকিৎসালয়ৰ পৰা।

উল্লেখযোগ্য যে, যোৱা ২০ মে’ত GMCH ৰ কণিষ্ঠ চিকিৎসক ডঃ লিথিকেশ সুস্থ হৈ উঠিছিল আৰু তেওঁ পুনৰ কোভিড-১৯ ৰোগীৰ চিকিৎসাত নিজকে নিয়োগ কৰিছে।

ৰাজ্যত আজিৰ দিনটোত বৰ্তমানলৈকে ৪৩গৰাকী লোক এই কোভিড-১৯+ত আক্ৰান্ত হোৱাত তথা ৰোগীৰ সংখ্যা ১১০০ স্পৰ্শ কৰাত সকলো আতংকিত হৈ আছে  যদিও ২৪ ঘণ্টাত ৬০ গৰাকীকৈ ৰোগী ক’ৰ’ণামুক্ত হোৱাটোৱে কিছু পৰিমানে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।

Related News