• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জলসম্পদ বিভাগক খহনীয়া প্ৰতিৰোধৰ কাম যুদ্ধকালীন তৎপৰতাৰে সম্পূৰ্ণ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2020 7:02 pm
viewimage.php
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দৌলাশাল-লাৰকুছিৰ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ সমীপৰ খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ বুজ লয়।

মুখ্যমন্ত্ৰীয়ে এই খহনীয়া প্ৰতিৰোধ ব্যৱস্থা যুদ্ধকালীন তৎপৰতাৰে সম্পূৰ্ণ কৰাৰ বাবে পদক্ষেপ ল’বলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে। উল্লেখ্য যে এই খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে ইতিমধ্যে পদক্ষেপ লৈ আছে।

Apply Now

পৰিদৰ্শনস্থলীত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে সাম্প্ৰতিক বানত ৰাজ্যখনৰ বহু ঠাইত মথাউৰিসমূহত খহনীয়া হৈছে বুলি গম পোৱা গৈছে আৰু ৰাজ্যখনৰ কিছুমান ঠাইত নতুনকৈ খহনীয়া আৰম্ভ হৈছে।

যিবোৰ ঠাইত মথাউৰি ভাঙিছে তথা খহনীয়াৰ সৃষ্টি হৈছে সেইবোৰ ঠাইত স্থানীয় বিধায়ক, সাংসদ তথা ৰাইজৰ সহযোগত জলসম্পদ বিভাগক যুদ্ধকালীনভাৱে মেৰামতিৰ পদক্ষেপ ল’বলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে যিহেতু এটা মথাউৰি সম্পূৰ্ণভাৱে নিৰ্মাণৰ কাম এই বতৰত সম্ভৱ নহয়, সেয়েহে খহনীয়া প্ৰতিৰোধৰ বাবে বৰ্তমান যিকেইটা পদক্ষেপ কাৰিকৰীভাৱে সম্ভৱ, সেই কেইটাপদক্ষেপ তৎকালীনভাৱে লোৱা হ’ব।

মথাউৰিসমূহ নিৰ্মাণ তথা মেৰামতিৰ বাবে অসম চৰকাৰে সময়মতে নিবিদাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কোভিড-১৯ৰ ফলত দেশজুৰি আৰোপ কৰা ল’কডাউনৰ ফলত সেই কামসমূহ সময়মতে কৰিব পৰা হোৱা নাছিল।

তৎসত্ত্বেও ৰাজ্য চৰকাৰে বিপদ সংকুল মথাউৰিসমূহ মেৰামতিৰ বাবে সিদ্ধান্ত লৈছে। অৱশ্যে, প্ৰতিকূল বতৰে এই ক্ষেত্ৰত বহু পৰিমাণে বাধাৰ সৃষ্টি কৰিছে বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে গৰাখহনীয়াক যুদ্ধকালীনভাৱে কাম কৰি হ’লেও প্ৰতিৰোধ কৰিব লাগিব বুলি কয়।

ৰাজ্যখনে বৰ্তমান কোভিড-১৯ৰ সংক্ৰমণ, বানপানী-গৰাখহনীয়া, ধুমুহা আৰু আফ্ৰিকান ছু’ৱাইন ফিভাৰৰ লেখীয়া চাৰিটা দুৰ্যোগৰ বিৰুদ্ধে সমানে যুঁজ দিব লগা হৈছে বুলি উল্লেখ কৰি ৰাইজক এই ক্ষেত্ৰত মনোবল অটুট ৰাখি চৰকাৰে লোৱা পদক্ষেপসমূহলৈ সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াই যাবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে কোভিড-১৯ তথা অন্যান্য ক্ষেত্ৰত ৰাজ্যখনৰ সাংবাদিকসকলে লোৱা জনসচেতনতাৰ পদক্ষেপৰো শলাগ লয়।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে গৰাখহনীয়াৰ বিষয়টো দুৰ্যোগ হিচাপে সন্নিবিষ্ট কৰাৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ অধ্যক্ষ এন কে সিঙলৈ ৰাজ্য চৰকাৰে ইতিমধ্যেই প্ৰতিবেদন প্ৰেৰণ কৰিছে।

অসমবাসীৰ সহযোগত আগন্তুক সময়ত এই দুৰ্যোগৰ বিৰুদ্ধে মোকাবিলা কৰাৰ দিশত ৰাজ্য চৰকাৰে সফলতা লাভ কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে।

মুখ্যমন্ত্ৰীয়ে লগতে সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত মীনপালক আৰু খেতিয়কসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।

আজিৰ এই পৰিদৰ্শনৰ সময়ত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ন ডেকা, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, নলবাৰী জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱ চৌধুৰী, আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, জলসম্পদ বিভাগৰ বিষয়াকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd