• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অপ্ৰতিৰোধ্য কৰ’নাৰ মাজতে অসমলৈ কিছু আশাৰ কিৰণ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 30, 2020 7:04 pm

3 min read

COVID19: 2310 persons discharged in Assam on Friday
18.8k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অপ্ৰতিৰোধ্য ক’ৰ’ণাৰ সংক্ৰমণ। কিন্তু তাৰ মাজতে কিছু আশাৰ কিৰণ আহিছে ৰাজ্যখনলৈ।

আজিৰ দিনটোত ৰাজ্যত ক’ৰ’ণামুক্ত হৈছে ৩৮গৰাকী লোক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে লোকসকলক।

শিলচৰ মেডিকেল কলেজৰ পৰা ১৪গৰাকী, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা ১১গৰাকী, বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৮গৰাকী, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৩গৰাকী আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ২গৰাকী লোকক কিছু সময় পূৰ্বে মুক্তি দিয়া হৈছে।

লোককেইগৰাকীক দুবাৰকৈ টেষ্ট কৰাত নিগেটিভ ওলোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

এতিয়ালৈকে ৰাজ্যত ক’ভিড-১৯ৰ পৰা আৰোগ্য হৈ উঠিছে ১৬৩গৰাকী ব্যক্তি।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

? Discharge Alert

Glad to share that 3⃣8⃣more patients have been discharged today after they tested negative for #COVID19 twice.

➡️ SMCH 14; MMCH 11; FAAMC 8; JMCH 3; GMCH 2

?Total Discharged Patients – 163
?Active Patients – 930

Update 5:30 PM / May 30#AssamCovidCount pic.twitter.com/lyiBSTn4Rl

— Himanta Biswa Sarma (@himantabiswa) May 30, 2020

ৰাজ্যত ২৪ ঘণ্টাত মুঠ ৬০গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

কালিৰ দিনটোত মুঠ ২২গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

ইয়াৰে MMCH ৰ পৰা ১২গৰাকী লোকক মুক্তি দিয়া হৈছিল। কামৰূপ মহানগৰৰ ৯গৰাকী, নগাওঁ হোজাইৰ দুগৰাকী আৰু বাক্সাৰ ১গৰাকী মুকলি দিয়া হৈছে। MMCHত মুঠ ১৪৫গৰাকী লোকক ভৰ্তি কৰোৱা হৈছিল। ইয়াৰে বৰ্তমানলৈকে ৭৩গৰাকী সুস্থ হৈ ঘৰলৈ উভটিছে।

ইয়াৰোপৰি শিলচৰ মেডিকেল কলেজৰ পৰা তিনিগৰাকী, যোৰহাট মেডিকেল কলেজৰ পৰা এগৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

ইয়াৰোপৰি কালিৰ দিনটোতে GMCHৰ পৰা মুক্তি দিয়া হৈছিল ৬গৰাকী লোকক।

যোৱা ২৮ মে’ত ১৬গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

কালিৰ পৰা আজিলৈকে ৬০গৰাকী ৰোগীক মুক্তি দিয়াৰ ফলত ৰাজ্যত ৯৩০লৈ হ্ৰাস পালে ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা। ৰাজ্যত এতিয়ালৈকে ১৬৩গৰাকী লোক ক’ৰ’ণা মুক্ত হৈছে।

যোৱা ২৭ মেত ৰাজ্যত ২৫গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৩ মে’ত দন্ত চিকিৎসক ডঃ দীপা ডেকা সুস্থ হৈ উঠাৰ বাবে তেওঁক GMCHৰ পৰা মুক্তি দিয়া হৈছিল। তেওঁৰ লগতে অন্য এগৰাকী মহিলা ৰোগীকো মুক্তি দিয়া হৈছিল GMCHৰ পৰা। দুয়োগৰাকীৰ দুবাৰকৈ পৰীক্ষা কৰাৰ অন্তত কোভিড-১৯ নিগেটিভ ওলোৱাত যাবলৈ দিয়া হৈছিল চিকিৎসালয়ৰ পৰা।

উল্লেখযোগ্য যে, যোৱা ২০ মে’ত GMCH ৰ কণিষ্ঠ চিকিৎসক ডঃ লিথিকেশ সুস্থ হৈ উঠিছিল আৰু তেওঁ পুনৰ কোভিড-১৯ ৰোগীৰ চিকিৎসাত নিজকে নিয়োগ কৰিছে।

ৰাজ্যত আজিৰ দিনটোত বৰ্তমানলৈকে ৪৩গৰাকী লোক এই কোভিড-১৯+ত আক্ৰান্ত হোৱাত তথা ৰোগীৰ সংখ্যা ১১০০ স্পৰ্শ কৰাত সকলো আতংকিত হৈ আছে  যদিও ২৪ ঘণ্টাত ৬০ গৰাকীকৈ ৰোগী ক’ৰ’ণামুক্ত হোৱাটোৱে কিছু পৰিমানে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।

Tags: COVID-19

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd