NORTHEAST NOW (Assamese)

সপ্তম দৰমহা আয়োগৰ ৰূপায়ণ: তিনিজনীয়া সমিতিৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ বৈঠক

April 1, 2018 12:48 pm · এনই নাও নিউজ
ত্ৰিপুৰাৰ চৰকাৰী কৰ্মচাৰী সকলক সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৱলী মতে দৰমহা মোকলাই দিয়াৰ অৰ্থে শনিবাৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে উচ্চ ক্ষমতা সম্পন্ন তিনিজনীয়া সমিতিৰে বৈঠকত মিলিত হয়।অসমৰ প্ৰাক্তন মুখ্য সচিব পি পি বাৰ্মা নেতৃত্বাধীন তিনিজনীয়া সমিতিখনে আগৰতলাৰ কাৰ্যালয়ত বৈঠকত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ত্ৰিপুৰাত বিজেপি চৰকাৰ ক্ষমতালৈ আহিলেই প্ৰথমে চৰকাৰী কৰ্মচাৰীসকলক সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৱলী মতে দৰমহা আদায় দিয়া হ’ব বুলি নিৰ্বাচনৰ সময়ছোৱাত প্ৰতিশ্ৰুতি দিছিল দলটোৱে।

স্মৰ্তব্য যে বিজেপি- আইপিএফটি চৰকাৰৰ প্ৰথমখন কেবিনেটত সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৱলী কেনেদৰে ৰূপায়ণ কৰা হ’ব তাক যুগুতাবলৈ এখন তিনিজনীয়া সমিতি গঠন কৰা হৈছিল।

তাৰ ভিত্তিতে শনিবাৰৰ বৈঠকখন অনুষ্ঠিত কৰা হৈছে বুলি প্ৰকাশ কৰিছে ত্ৰিপুৰা চৰকাৰৰ এটি উচ্চস্তৰীয় সূত্ৰই।

প্ৰসংক্ৰমে উল্লেখযোগ্য যে বৰ্তমান ত্ৰিপুৰাত প্ৰায় ২ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেন্সনাৰে চতুৰ্থ দৰমহা আয়োগ মতে বেতন লাভ কৰি আছে।

পি পি বাৰ্মা নেতৃত্বাধীন তিনিজনীয়া সমিতিখনে অহা তিনিমাহৰ ভিতৰতে তেওঁলোকৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে।

ত্ৰিপুৰা চৰকাৰৰ এটি উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰী আৰু পেন্সনাৰ সকলক সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৱলী মতে দৰমহা আদায় দিবলৈ হ’লে ৰাজকোষৰ পৰা বছৰি অতিৰিক্তভাৱে ১৪৫৯.৫১ কোটি টকা ব্যয় হ’ব।

 

Related News