চেৰাপুঞ্জীয়ে হেৰুৱালে ১৬৪ বছৰীয়া অভিলেখ। মেঘালয়ৰ চেৰাপুঞ্জী আৰু কাষৰীয়া মৌচিনৰামে হেৰুৱালে ভাৰতৰ আদ্ৰতম স্থানৰ খিতাপ।
চলিত বৰ্ষৰ বাৰিষাত এই খিতাপ হেৰুৱাইছে চেৰাপুঞ্জী আৰু মৌচিনৰামে। মহাৰাষ্ট্ৰৰ পুনেৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত তাম্হিনী আৰু কৰ্ণাটকৰ ক’ৰ্গ জিলাৰ সুৰলাবিত বৰ্তমানৰ দেশৰ ভিতৰত আটাইতকৈ আদ্ৰতম স্থান হিচাপে স্বীকৃতি পাইছে।
বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি ভাৰতৰ মেঘালয়ৰ চেৰাপুঞ্জীত ১৮৬০ চনৰ ১ আগষ্টৰ পৰা ১৮৬১ চনৰ ৩১ জুলাইলৈকে মুঠ ২৬,৪৭০ মিলিমিটাৰ (১,০৪২ ইঞ্চি) বৰষুণ হৈছিল আৰু ই গিনিজ বুক অৱ ৰেকৰ্ডত সন্নিৱিষ্ট হৈছিল।
চেৰাপুঞ্জী (চহৰা) আৰু মৌচিনৰাম (ইষ্ট খাছি হিলছ)ত চলিত বৰ্ষত অভাৱনীয় হাৰত বৰষুণ কমিছে। এই বাৰিষাত এতিয়ালৈকে চেৰাপুঞ্জীত মাত্ৰ প্ৰায় ৩৫০০ মিলিমিটাৰ বৰষুণহে হৈছে। যি ইয়াৰ সাধাৰণত পৰিমাণতকৈ প্ৰায় ৫০ শতাংশ কম। মৌচিনৰামতো একেই পৰিস্থিতিৰ সৃষ্টি হৈছে।
আনহাতে কৰ্ণাটকৰ সুৰলাবৱীত এই সময়ছোৱাত প্ৰায় ৭৩০০ মিলিমিটাৰ বৰষুণ আৰু মহাৰাষ্ট্ৰৰ তাম্হিনীত প্ৰায় ৫৭৮৮ মিলিমিটাৰ বৰষুণ হৈছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি কেৱল জুন-জুলাই মাহত চেৰাপুঞ্জীতকৈ কমেও ৩২ টা ঠাইত বৰষুণ বেছিকৈ হৈছে।
১৯৬১ চনত প্ৰথমবাৰৰ বাবে বতৰ বিজ্ঞানৰ ৰেকৰ্ড বুকত প্ৰৱেশ কৰিছিল চেৰাপুঞ্জীয়ে। সেই বছৰত ২৬,৪৬৭ মিলিমিটাৰ বৰষুণ হৈছিল, ই আছিল সমগ্ৰ বিশ্বতেই এক নজীৰবিহীন পৰিৱেশ।
তাৰ পিছত ১৯৯৫ চনৰ ১৬ জুনত চেৰাপুঞ্জীত ২৪ ঘণ্টাত ১৫৬৩ মিলিমিটাৰ (৬১ ইঞ্চি) বৰষুণ হয়, যিটো এতিয়াও বিশ্ব অভিলেখ। পিছলৈ কাষৰীয়া মৌচিনৰামেও সৰ্বাধিক বৰষুণ হোৱা ঠাই হিচাপে স্বীকৃতি লাভ কৰে।
উল্লেখ্য যে ভৌগোলিক অৱস্থানৰ বাবে চেৰাপুঞ্জী আৰু মৌচিনৰামত সদায় প্ৰচুৰ বৰষুণ হয়। খাচী পাহাৰৰ দক্ষিণ ঢালত অৱস্থিত এই অঞ্চলটো পোনপটীয়াকৈ বংগোপসাগৰৰ বাৰিষাৰ সংস্পৰ্শলৈ আহে। আৰ্দ্ৰ বায়ু পাহাৰৰ ওপৰলৈ লৰালৰিকৈ গৈ অৰ’গ্ৰাফিক প্ৰভাৱৰ বাবে প্ৰচণ্ড বৰষুণৰ সৃষ্টি কৰে। এইবাৰ সাগৰত জোৱাৰ কম হোৱাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে।
বিশেষজ্ঞসকলৰ মতে যদি ছেপ্টেম্বৰ মাহত ১৯০০ মিলিমিটাৰ বৰষুণ নহয় তেন্তে এইবাৰৰ বাৰিষা চেৰাপুঞ্জী আৰু মৌচিনৰামৰ ইতিহাসৰ আটাইতকৈ শুকান বতৰ হিচাপে লিপিবদ্ধ হ’ব পাৰে।আনহাতে, দেশৰ পশ্চিম প্ৰান্তত সম্পূৰ্ণ বেলেগ ছবি দেখা হৈছে। আগষ্ট পৰ্যন্ত মহাৰাষ্ট্ৰৰ তাম্হিনীত ৭৮০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছে, ইয়াৰে ৫৭৮৮ মিলিমিটাৰ বৰষুণ জুন-জুলাই মাহত হৈছিল। কৰ্ণাটকৰ সুৰলাবিত এই সময়ছোৱাত ৫৯৫১ মিলিমিটাৰ বৰষুণ হৈছে।