• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ভংগ হ’ল ১৬৪ বছৰীয়া অভিলেখ : চেৰাপুঞ্জীয়ে হেৰুৱালে ভাৰতৰ আদ্ৰতম স্থানৰ খিতাপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2025 1:47 pm
214
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেৰাপুঞ্জীয়ে হেৰুৱালে ১৬৪ বছৰীয়া অভিলেখ। মেঘালয়ৰ চেৰাপুঞ্জী আৰু কাষৰীয়া মৌচিনৰামে হেৰুৱালে ভাৰতৰ আদ্ৰতম স্থানৰ খিতাপ।

চলিত বৰ্ষৰ বাৰিষাত এই খিতাপ হেৰুৱাইছে চেৰাপুঞ্জী আৰু মৌচিনৰামে। মহাৰাষ্ট্ৰৰ পুনেৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত তাম্হিনী আৰু কৰ্ণাটকৰ ক’ৰ্গ জিলাৰ সুৰলাবিত বৰ্তমানৰ দেশৰ ভিতৰত আটাইতকৈ আদ্ৰতম স্থান হিচাপে স্বীকৃতি পাইছে।

Apply Now

বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি ভাৰতৰ মেঘালয়ৰ চেৰাপুঞ্জীত ১৮৬০ চনৰ ১ আগষ্টৰ পৰা ১৮৬১ চনৰ ৩১ জুলাইলৈকে মুঠ ২৬,৪৭০ মিলিমিটাৰ (১,০৪২ ইঞ্চি) বৰষুণ হৈছিল আৰু ই গিনিজ বুক অৱ ৰেকৰ্ডত সন্নিৱিষ্ট হৈছিল।

চেৰাপুঞ্জী (চহৰা) আৰু মৌচিনৰাম (ইষ্ট খাছি হিলছ)ত চলিত বৰ্ষত অভাৱনীয় হাৰত বৰষুণ কমিছে। এই বাৰিষাত এতিয়ালৈকে চেৰাপুঞ্জীত মাত্ৰ প্ৰায় ৩৫০০ মিলিমিটাৰ বৰষুণহে হৈছে। যি ইয়াৰ সাধাৰণত পৰিমাণতকৈ প্ৰায় ৫০ শতাংশ কম। মৌচিনৰামতো একেই পৰিস্থিতিৰ সৃষ্টি হৈছে।

আনহাতে কৰ্ণাটকৰ সুৰলাবৱীত এই সময়ছোৱাত প্ৰায় ৭৩০০ মিলিমিটাৰ বৰষুণ আৰু মহাৰাষ্ট্ৰৰ তাম্হিনীত প্ৰায় ৫৭৮৮ মিলিমিটাৰ বৰষুণ হৈছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি কেৱল জুন-জুলাই মাহত চেৰাপুঞ্জীতকৈ কমেও ৩২ টা ঠাইত বৰষুণ বেছিকৈ হৈছে।

১৯৬১ চনত প্ৰথমবাৰৰ বাবে বতৰ বিজ্ঞানৰ ৰেকৰ্ড বুকত প্ৰৱেশ কৰিছিল চেৰাপুঞ্জীয়ে। সেই বছৰত ২৬,৪৬৭ মিলিমিটাৰ বৰষুণ হৈছিল, ই আছিল সমগ্ৰ বিশ্বতেই এক নজীৰবিহীন পৰিৱেশ।

তাৰ পিছত ১৯৯৫ চনৰ ১৬ জুনত চেৰাপুঞ্জীত ২৪ ঘণ্টাত ১৫৬৩ মিলিমিটাৰ (৬১ ইঞ্চি) বৰষুণ হয়, যিটো এতিয়াও বিশ্ব অভিলেখ। পিছলৈ কাষৰীয়া মৌচিনৰামেও সৰ্বাধিক বৰষুণ হোৱা ঠাই হিচাপে স্বীকৃতি লাভ কৰে।

উল্লেখ্য যে ভৌগোলিক অৱস্থানৰ বাবে চেৰাপুঞ্জী আৰু মৌচিনৰামত সদায় প্ৰচুৰ বৰষুণ হয়। খাচী পাহাৰৰ দক্ষিণ ঢালত অৱস্থিত এই অঞ্চলটো পোনপটীয়াকৈ বংগোপসাগৰৰ বাৰিষাৰ সংস্পৰ্শলৈ আহে। আৰ্দ্ৰ বায়ু পাহাৰৰ ওপৰলৈ লৰালৰিকৈ গৈ অৰ’গ্ৰাফিক প্ৰভাৱৰ বাবে প্ৰচণ্ড বৰষুণৰ সৃষ্টি কৰে। এইবাৰ সাগৰত জোৱাৰ কম হোৱাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে।

বিশেষজ্ঞসকলৰ মতে যদি ছেপ্টেম্বৰ মাহত ১৯০০ মিলিমিটাৰ বৰষুণ নহয় তেন্তে এইবাৰৰ বাৰিষা চেৰাপুঞ্জী আৰু মৌচিনৰামৰ ইতিহাসৰ আটাইতকৈ শুকান বতৰ হিচাপে লিপিবদ্ধ হ’ব পাৰে।আনহাতে, দেশৰ পশ্চিম প্ৰান্তত সম্পূৰ্ণ বেলেগ ছবি দেখা হৈছে। আগষ্ট পৰ্যন্ত মহাৰাষ্ট্ৰৰ তাম্হিনীত ৭৮০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছে, ইয়াৰে ৫৭৮৮ মিলিমিটাৰ বৰষুণ জুন-জুলাই মাহত হৈছিল। কৰ্ণাটকৰ সুৰলাবিত এই সময়ছোৱাত ৫৯৫১ মিলিমিটাৰ বৰষুণ হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd