• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডুবাইত ২০০ কোটি টকাৰ বিয়াত যোগ দি ইডিৰ ৰোষত ছানি লিয়নী, টাইগাৰ শ্ৰফকে ধৰি বলীউডৰ ১৭ গৰাকী তাৰকা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2023 3:36 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

13.3k
VIEWS
Share on FacebookShare on Twitter

মহাদেৱ জুৱা এপৰ স্বত্বাধিকাৰী সৌৰভ চন্দ্ৰকাৰে এইবছৰতে ডুবাইত বিবাহপাশত আবদ্ধ হৈছিল। প্ৰৱৰ্তনকাৰী সঞ্চালকালয় (ইডি)ৰ তথ্য অনুসৰি সৌৰভে নিজৰ বিয়াত ২০০ কোটি টকা খৰচ কৰিছিল। আৰু এই ধনৰ এটা ডাঙৰ অংশ বলীউডৰ চেলিব্ৰিটিৰ হাতলৈ গৈছিল, যিয়ে ডুবাইৰ বিয়াত উপস্থিত থাকি অনুষ্ঠান পৰিৱেশন কৰিছিল।

বাতৰি অনুসৰি, সেই তাৰকাসকলৰ প্ৰতিজনকে ইডিয়ে সোধা-পোছাৰ বাবে মাতিব পাৰে। এই তালিকাৰ প্ৰথম স্থানতে আছে টাইগাৰ শ্ৰফ, ছানি লিয়নী, গায়িকা নেহা কক্কাৰৰ নাম।

সৌৰভ চন্দ্ৰকাৰ আৰু তেওঁৰ ব্যৱসায়িক সহযোগী ৰবি উপ্পালৰ বিৰুদ্ধে ৫ হাজাৰ কোটি টকাৰ আৰ্থিক অপব্যৱহাৰৰ অভিযোগৰ তদন্ত চলাই আছে ইডিয়ে। তেওঁলোকে ডুবাইৰ পৰা অনলাইন জুৱা এপটো চলায়।

লগতে পঢ়ক: টিকটকক ৪ হাজাৰ কোটি টকাৰ জৰিমনা বিহিলে ইউৰোপীয় ইউনিয়নৰ ডিপিচিয়ে

মহাদেৱ জুৱা এপৰ সৈতে বলীউডৰ সংযোগ:

১. ধন সৰবৰাহৰ গোচৰত সৌৰভ চন্দ্ৰকাৰ আৰু ৰবি উপ্পালক বিচাৰিছে। দুয়োজনেই ছত্তীশগড়ৰ বাসিন্দা। সৌৰভৰ বয়স ২০ বছৰৰ আশেপাশে। জনা যায় যে আগতে তেওঁ ছত্তীশগড়ৰ ভিলাইত জ্যুচ বিক্ৰী কৰিছিল।

২. ইডিৰ সূত্ৰ অনুসৰি চন্দ্ৰকাৰে ২০২২ চনৰ ১৮ ছেপ্টেম্বৰত ডুবাইত আন এটা পাৰ্টি দিছিল। য’ত বলীউডৰ একাংশ তাৰকাক সাত তাৰকাযুক্ত হোটেলত পাৰ্টিত অংশগ্ৰহণ কৰিবলৈ ৪০ কোটি টকা দিয়া হৈছিল।

৩. ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা বিয়াৰ সময়ত নাগপুৰৰ পৰা পৰিয়ালৰ লোকক ডুবাইলৈ নিবলৈ ব্যক্তিগত জেট বিমান ভাড়া কৰা হৈছিল। বলীউডৰ চেলিব্ৰিটি, ৱেডিং প্লেনাৰ, নৃত্যশিল্পীৰ দল, ডেকোৰেটৰ সকলোৱে মুম্বাইৰ পৰা ডুবাইলৈ উৰা মাৰিছিল।

লগতে পঢ়ক: মানৱ শৰীৰত গাহৰিৰ বৃক্ক প্ৰতিস্থাপন! ২ মাহ ধৰি কাৰ্যক্ষম হৈ ৰ’ল অংগ, উৎফুল্লিত গৱেষকসকল

৪. তাৰকাসকলৰ ভিতৰত আছে আতিফ আছলাম, ৰাহত ফাতেহ আলী খান, আলী আছগৰ, বিশাল দাদলানী, এলি অভৰাম, ভাৰতী সিং, ভাগ্যশ্ৰী, কৃতি খাৰবান্দা, নুছৰত ভাৰুচা, কৃষ্ণা অভিষেককে ধৰি অন্যান্য শিল্পী।

৫. যোৱা বছৰৰ ডিচেম্বৰৰ পৰা মহাদেৱৰ অনলাইন জুৱা এপৰ তদন্ত আৰম্ভ হৈছিল কিন্তু এই ক্ষেত্ৰত বলীউডৰ সংযোগ এতিয়া চৰ্চালৈ আহিছে।

৬. মহাদেৱ অনলাইন জুৱা এপ হৈছে এটা গেম এপ, যাৰ ওপৰত যোৱা এটা বছৰত প্ৰায় ১০ লাখ লোকে বাজি ধৰিছে। প্ৰায় ৩০টা কেন্দ্ৰৰ পৰা এই এপটো চলি আছে। কিন্তু ইয়াৰ মালিকসকল এতিয়া ডুবাইত আছে য’ত জুৱা খেলা বৈধ।

৭. মহাদেৱ অনলাইন জুৱা এপটো বলীউডৰ একাংশ ব্যক্তিয়ে নিজৰ ইউটিউব চেনেলতো প্ৰচাৰ কৰিছে।

৮. এপটোৰ বিজ্ঞাপনৰ সৈতে জড়িত কোনো বলীউডৰ ব্যক্তিত্বৰ নাম এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই ইডিয়ে। কিন্তু এগৰাকী শীৰ্ষ কমিক, এগৰাকী চৰিত্ৰ শিল্পী, এগৰাকী শীৰ্ষ বলীউডৰ পুৰুষ তাৰকা, এগৰাকী মহিলা কমিক তাৰকাই আপাত দৃষ্টিত প্লেটফৰ্মৰ পৰা ধন পাইছিল।

লগতে পঢ়ক: দুৰন্ত তৰুণ! ৯৮ বছৰ বয়সত মটৰ চাইকেল ৰেচিঙেৰে গঢ়িলে বিশ্ব অভিলেখ

৯. শুকুৰবাৰে ইডিয়ে এই গোচৰৰ সৈতে জড়িত ভূপাল, মুম্বাই আৰু কলকাতাৰ পৰা ৪১৭ কোটি টকাৰ সম্পত্তি জব্দ কৰে।

১০. বেটিং ৱেবছাইটোৰ মূল উদ্দেশ্য আছিল ভাৰতত নাম লুকুৱাই কাম কৰা কিয়নো ইয়াত জুৱা নিষিদ্ধ।

Recent News

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd