NORTHEAST NOW (Assamese)

অসমত আৰু ১৭ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৫২৮লৈ বৃদ্ধি

September 17, 2020 11:06 pm · এন ই নাও নিউজ
Updated: September 17, 2020 11:07 pm

আৰু ১৭গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বৃহস্পতিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫২৮লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

বুধবাৰলৈকে ৫১১গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে বুধবাৰলৈকে ১,১৯,৩৬৪গৰাকী ব্যক্তিয়ে অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে।

অসমত বৰ্তমান ক’ভিডৰ পৰা আৰোগ্যৰ হাৰ হৈছে ৮০ শতাংশ।

বুধবাৰলৈকে অসমত চিনাক্ত মুঠ ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা ১,৪৮,৯৬৮লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News