NORTHEAST NOW (Assamese)

অসমত আৰু ১৭ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৬৯৭লৈ বৃদ্ধি

September 30, 2020 9:07 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু ১৭গৰাকী ক’ভিড১৯ ৰোগীয়ে বুধবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৬৯৭লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত মঙলবাৰলৈকে ৬৮০গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৪৩,৯৯৯গৰাকী ব্যক্তিয়ে মঙলবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত মঙলবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৩২,৫৩৯ (।)

মুঠ ১,৭৭,২২১গৰাকী ব্যক্তি অসমত মঙলবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News