NORTHEAST NOW (Assamese)

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিজুলী বাতি জ্বলিল ছত্তীশগড়ৰ ১৭ খনকৈ গাঁৱত

May 17, 2025 7:45 am · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
Updated: May 16, 2025 9:04 pm

স্বাধীনতাৰ বহু বছৰ পাৰ হৈ গল৷ কিন্তু ইমান দিনৰ পাছতো ছত্তীশগড়ৰ এই ১৭ খন গাঁৱৰ মানুহে গম পোৱা নাছিল বিদ্যুৎ কি। প্ৰায় গোটেই জীৱনটো অন্ধকাৰতে কটালে এই গাঁৱৰ লোকে। বিদ্যুতৰ আগমন গাঁৱৰ ৰাইজৰ বাবে সপোনৰ দৰে হৈ পৰিছিল। কিন্তু অৱশেষত সেই সপোন বাস্তৱায়িত হল। শেহতীয়াকৈ সেই ১৭খন গাঁৱত বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰা হৈছে।

কতুলঝোৰা, কট্টাপাৰ, বোদ্ৰা, বুকমাৰ্কা, সম্বলপুৰ, গটেগাহান, পুগদা, আমাকোডো, পেটেমেটা, টাটেকাছা, কুণ্ডলকাল, ৰাইমনহোৰা, নাইংগুডা, মেটাটোডকে, কোহকাটোলা, এদাসমেটা আৰু কুঞ্জকনহাৰ গাঁৱত নতুনকৈ বিদ্যুৎ যোগান ধৰা হৈছে। এটা সময়ত বন্দুকৰ গুলীৰ শব্দ এই গাঁওসমূহৰ বাসিন্দাৰ বাবে এক সাধাৰণ ঘটনা আছিল। এতিয়া লাহে লাহে মাওবাদৰ সমস্যা শেষ হোৱাৰ পৰা পোহৰ পৰিছে গাঁওকেইখনত।

বিদ্যুতকৰণ যোজনাৰ অধীনত ৰাজ্যৰ এই গাঁওসমূহৰ বাবে ৩ কোটি টকা ব্যয় সাপেক্ষে কাম আৰম্ভ হৈছে। উল্লেখ্য যে মাওবাদক দমন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে জোৰদাৰভাৱে কাম কৰি আছে। বিগত কেইমাহমানত মাওবাদীৰ বহু শীৰ্ষ নেতাক হয় হত্যা কৰা হৈছে নহয় গ্ৰেপ্তাৰ কৰা হৈছে। এক কথাত এই গাঁওবোৰত মাওবাদৰ অন্ত পৰিছ। চৰকাৰে কয় যে সন্ত্ৰাস কমি যোৱাৰ পিছতহে ইয়াত বিদ্যুতৰ সংযোগৰ কাম আৰম্ভ হৈছে।কিন্তু কেৱল বিদ্যুতৰ সংযোগেই নহয়, এই আটাইকেইখন গাঁৱৰ বিভিন্ন ঠাইত ট্ৰেন্সফৰ্মাৰ স্থাপন কৰা হৈছে যাতে ভৱিষ্যতে বিদ্যুতৰ সমস্যাৰ সৃষ্টি নহয়। তদুপৰি ৰাস্তা নিৰ্মাণৰো কাম চলি আছে। চৰকাৰে দাবী কৰিছে যে এই প্ৰকল্পৰ দ্বাৰা কমেও ৫৪০টা পৰিয়াল উপকৃত হবলৈ গৈ আছে। এই ১৭খন গাঁৱৰ ৫৪০টা পৰিয়ালৰ ভিতৰত ২৭৫টা পৰিয়ালে ইতিমধ্যে বিদ্যুৎ সংযোগ লাভ কৰিছে। বাকী পৰিয়ালসমূহেও শীঘ্ৰে বিদ্যুৎ লাভ কৰিব।

Related News