বিগত দুটা দশকত বিশ্বত ১৭০০ সাংবাদিক নিগ্ৰহৰ ঘটনা : Reporters Without Border ৰ ভয়ানক তথ্য

আই এফ জেৰ তথ্য অনুসৰি কমেও বৰ্তমান বিশ্বিত ৩৭৫জন সাংবাদিক কাৰাগাৰত আছে। বন্দীসকলৰ অধিকাংশই চীন, ম্যানমাৰ, তুৰস্ক, ইৰাণ আৰু বেলাৰুছৰ কাৰাগাৰত আছে।

বিগত দুটা দশকত বিশ্বত নিগ্ৰহৰ বলি হৈছে প্ৰায় ১৭০০ সাংবাদিক । যোৱা শুকুৰবাৰে Reporters Without Border এ এক বিবৃতিযোগে সদৰী কৰিছে এই ভয়ানক তথ্য।

সেই বিবৃতিত উল্লেখ কৰা হৈছে যে ২০০৩ চনৰ পৰা ২০২২ চনলৈকে যোৱা ২০ বছৰত বিশ্বজুৰি ১৬৬৮ জন সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে।

ইয়াৰে ২০১২ আৰু ২০১৩ চনত সাংবাদিক নিগ্ৰহৰ ঘটনা আটাইতকৈ বেছি।  ২০১২ চনত ১৪৪ জন আৰু ২০১৩ চনত ১৪২ জন সাংবাদিকক হত্যা কৰা হৈছে।

 

লগতে পঢ়কঃ অসম গ্ৰন্থমেলাত ‘জলদ গম্ভীৰ’ৰ আত্মপ্ৰকাশ

সংস্থাটোৰ তথ্য অনুসৰি বিগত ২০ বছৰত ইৰাক আৰু ছিৰিয়াত ৫৭৮জন সাংবাদিকৰ মৃত্যু হৈছে। সেয়া হৈছে পৃথিৱীত নিহত হোৱা সাংবাদিকৰ এক তৃতীয়াংশতকৈও অলপ বেছি। ইয়াৰ পিছতে আছে মেক্সিকো (১২৫), ফিলিপাইনছ (১০৭), পাকিস্তান (৯৩), আফগানিস্তান (৮) আৰু ছোমালিয়া (৭৮)।

ডিচেম্বৰৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় সাংবাদিক ফেডাৰেচনেও সদৰী কৰিছিল যে ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধ, হাইটিত বিশৃংখলতা আৰু মেক্সিকোত অপৰাধী দলৰ দ্বাৰা বৃদ্ধি পোৱা হিংসাৰ ফলত যোৱা বছৰ কৰ্তব্যৰত অৱস্থাত নিহত হোৱা সাংবাদিকৰ সংখ্যা বৃদ্ধি পাইছে।

লগতে পঢ়কঃ নৱবৰ্ষত যান-বাহক আইন ভংগ কৰি কলিকতাত গ্ৰেপ্তাৰ শতাধিক চালক-আৰোহী

আই এফ জেৰ তথ্য অনুসৰি ২০২২ চনত বিশ্বত মুঠ ৬৭ জন সাংবাদিক আৰু সংবাদ মাধ্যমৰ কৰ্মীৰ মৃত্যু হৈছিল। ২০২১ চনৰ তুলনাত এই সংখ্যা বহু বেছি।

আই এফ জেৰ উদ্ধৃতি দি আল জাজিৰাই প্ৰকাশ কৰিছে যে ইউক্ৰেইনৰ যুদ্ধৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়ত আৰু অধিক সাংবাদিক নিহত হৈছে। তাত মুঠ ১২ জন সাংবাদিকৰ মৃত্যু হৈছে, যিটো ২০২২ চনত আন দেশত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাতকৈ অধিক। ইয়াৰে অধিকাংশই ইউক্ৰেইনৰ সাংবাদিক; অৱশ্যে ইউক্ৰেইনত একাংশ বিদেশী সাংবাদিককো হত্যা কৰা হৈছে। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ প্ৰথম কেইসপ্তাহমানৰ ভিতৰতে তেওঁলোকৰ প্ৰাণ হেৰুৱাইছিল।

লগতে পঢ়কঃ বুলেট প্ৰুফ গাড়ীত সম্ভৱ নহয় ভাৰত জোড়ো যাত্ৰা: নিৰাপত্তা ভংগ বিতৰ্কৰ প্ৰত্যুত্তৰ ৰাহুল গান্ধীৰ

আল জাজিৰা নেটৱৰ্কে আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালতক আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছিল যে যোৱা ডিচেম্বৰ মাহত সাংবাদিক আবু আক্লেহৰ হত্যাকাণ্ডৰ বাবে দায়ীসকলৰ বিৰুদ্ধে তদন্ত আৰু গোচৰ চলাব লাগে।

আই এফ জেৰ তথ্য অনুসৰি কমেও বৰ্তমান বিশ্বিত ৩৭৫জন সাংবাদিক কাৰাগাৰত আছে। বন্দীসকলৰ অধিকাংশই চীন, ম্যানমাৰ, তুৰস্ক, ইৰাণ আৰু বেলাৰুছৰ কাৰাগাৰত আছে।

সাংবাদিক হত্যাৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে বিভিন্ন দেশৰ চৰকাৰক সাংবাদিকৰ লগতে সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ বাবে অধিক শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আই এফ জে আৰু অন্যান্য সংবাদ মাধ্যমৰ অধিকাৰ সংগঠনে।

লগতে পঢ়কঃ যোগীৰ উত্তৰ প্ৰদেশত পুনৰ কিশোৰীৰ দলবদ্ধ ধৰ্ষণ: ধৰ্ষণৰ পিছতে হাত-ভৰি বান্ধি পেলাই দিলে কুঁৱাত