ইটালীত কৰ’নাত আক্ৰান্ত ১৭,০০০ স্বাস্থ্যকৰ্মী; ১২৫গৰাকী চিকিৎসকৰ মৃত্যু

italy-s-health-workers-on-edge-of-exhaustion-in-virus-fight-1584261365-6677.png

প্ৰতিনিধিত্বমূলক ফটো

কৰ’না ভাইৰাছৰ ফলত বিধ্বস্ত হৈ পৰা ইটালীত প্ৰায় ১৭,০০০স্বাস্থ্যকৰ্মী কৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত দুই তৃতীয়াংশ হৈছে মহিলা।

ইটালীৰ পাব্লিক হেলথ ইনষ্টিটিউটৰ এক প্ৰতিবেদনত এই তথ্য সদৰী কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, ইটালীত মুঠ কৰ’না আক্ৰান্ত লোকৰ ভিতৰত দহ শতাংশ হৈছে স্বাস্থ্যকৰ্মী। কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সেৱা আগবঢ়োৱাৰ সময়তে তেওঁলোকৰ শৰীৰতো ভাইৰাছৰ সংক্ৰমণ ঘটে।

আই এ এছএছ পাব্লিক হেলথ ইনষ্টিটিউটৰ উক্ত প্ৰতিবেদনত আক্ৰান্ত স্বাস্থ্যকৰ্মীৰ সংখ্যা উল্লেখ কৰা হৈছে যদিও কিমানগৰাকী স্বাস্থ্যকৰ্মীৰ মৃত্যু হৈছে তাৰ তথ্য সদৰী কৰা নাই।

অৱশ্যে, ইটালীৰ মেডিকেল এছোছিয়েশ্যনৰ এক প্ৰতিবেদন অনুসৰি ইটালীত কোভিড-১৯ৰ সংক্ৰমণৰ ফলত ১২৫গৰাকী চিকিৎসকৰ মৃত্যু হৈছে।

দেশখনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ১২৫গৰাকী চিকিৎসকৰ উপৰিও ৩৪গৰাকী নাৰ্ছৰ এতিয়ালৈকে মৃত্যু হৈছে।

ইপিনে, শুকুৰবাৰ নিশা পৰ্যন্ত ইটালীত ২২হাজাৰ ৭৪৫জন লোকৰ মৃত্যু ঘটিছে। দেশখনত মুঠতে ১লাখ ৭২ হাজাৰ ৪৩৪জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত এতিয়ালৈকে ৪২হাজাৰ ৭২৭জন ৰোগী সুস্থ হৈ উঠিছে।