NORTHEAST NOW (Assamese)

অসমত আৰু ১৮ ক’ভিড ৰোগীৰ মৃত্যু, চাৰিশৰ কাষত মুঠ মৃতকৰ সংখ্যা

September 9, 2020 10:25 pm · এন ই নাও নিউজ

আৰু ১৮গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৩৯৬লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত মঙলবাৰলৈকে ৩৭৮গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,০১,২৩৯গৰাকী ব্যক্তিয়ে মঙলবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত মঙলবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২৯,২০৩ (।)

মুঠ ১,৩০,৮২৩গৰাকী ব্যক্তি অসমত মঙলবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News