NORTHEAST NOW (Assamese)

তামুলপুৰ মহকুমাত কোভিড ১৯ৰ সংক্ৰমণ বৃদ্ধি : মহকুমা প্ৰশাসনৰ পাঁচ হাজাৰ মাস্ক বিতৰণ

April 28, 2021 6:31 pm · দীপক কুমাৰ পাঠক
Updated: April 28, 2021 6:32 pm

অতি সম্প্ৰতি বাক্সা জিলাত কোভিড ১৯ৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে বাক্সা জিলা প্ৰশাসন তথা জিলা দুৰ্যোগ প্ৰশমন বিভাগ।

বাক্সা জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ অধ্যক্ষ, জিলা দণ্ডাধীশ তথা বাক্সা জিলা উপায়ুক্তই কোভিড ১৯ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে জৰুৰী ব্যৱস্থা লোৱাৰ বাবে সংশ্লিষ্ট চক্ৰ বিষয়সকললৈ নিৰ্দেশনা জাৰি কৰিছে।

বাক্সা জিলা উপায়ুক্তগৰাকীৰ নিৰ্দেশ মৰ্মে আজি তামুলপুৰ মহকুমা প্ৰশাসনে তামুলপুৰ মহকুমাৰ বিভিন্ন স্থানত মাইক যোগে কোভিড১৯ নিয়ন্ত্ৰণৰ বাবে ৰাইজক সজাগ হ’বলৈ আৰু চৰকাৰী নীতি নিৰ্দেশনা মানি চলিবলৈ ঘোষণা কৰে।

ইয়াৰ উপৰিও তামুলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰূপকমল ৰাভাই আজি নিজেই উপস্থিত থাকি তামুলপুৰ মহকুমা সদৰৰ ঘগ্ৰাচ’ক, তামুলপুৰ বজাৰ চ’ক, মটঙা চ’ক, ৰামেচুবুৰী সাপ্তাহিক বজাৰকে আদি কৰি বিভিন্ন স্থানত উপস্থিত হৈ ৰাইজৰ মাজত প্রায় ৫০০০ খন মাস্ক বিতৰণ কৰাৰ লগতে ৰাইজক সজাগ হৈ পৰিয়াল আৰু সমাজখনক ৰক্ষা কৰাৰ বাবে আহ্বান জনায়।

কোনো লোকে কোভিডৰ চৰকাৰী নিয়ম উলংঘা কৰিলে বা মাস্ক পৰিধান নকৰিলে তেনে ব্যক্তিৰ পৰা চৰকাৰী নিয়ম অনুযায়ী জৰিমনা বিহা হ’ব বুলিও তামুলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰুপকমল ৰাভাই সকীয়াই দিছে।

উল্লেখ্য যে তামুলপুৰ মহকুমাত আজিৰ দিনটোত ৬৭ গৰাকী লোকৰ দেহত কোভিড ১৯ সক্ৰিয় হৈ আছে।

Related News