জোখতকৈ ১৮ গুণ বেছি মদ খাই আৰক্ষীৰ জালত বাইক আৰোহী যুৱক

No Wine

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

নতুন বছৰৰ ৫০ মিনিটৰ ভিতৰতে হাইদৰাবাদত এজন যুৱকে সকলো অভিলেখ ভংগ কৰি সুৰা সেৱনেৰে মতলীয়া হৈ গাড়ী চলাবলৈ গৈ আটক হয়।

নিশা ১২.৫৫ বজাত চেইণ্ট মাৰ্টিন কলেজৰ আই কাৰ্ড পৰিহিত এজন ছাত্ৰক আৰক্ষীয়ে ব্ৰেথলাইজাৰ পৰীক্ষাৰ বাবে ৰখায়।

পৰীক্ষাত ছাত্ৰজনৰ তেজত এলকহলৰ সীমা ৫৫০এম জি/১০০ এম এল পোৱা যায়। এয়া সাধাৰণতকৈ ১৮ গুণ বেছি। সাধাৰণ সীমা অনুসৰি ৩০ এম জি/১০০ এম এল থাকিব লাগে।

নতুন বছৰক আদৰাৰ আন্দনত ছাত্ৰজনে বহু কেইটা সুৰাৰ পেগ গ্ৰহণ কৰে আৰু দুচকীয়া বাহন এখন চলাই কোমপালী অভিমুখে গৈ আছিল।

‘‘প্ৰথমে ছাত্ৰজনক ৰবলৈ কোৱাৰ পাছতো ৰোৱা নাছিল কিন্তু সঠিক সময়ত আমি চেক পইণ্টত তেওঁক ৰখাবলৈ সক্ষম হওঁ। ছাত্ৰজনে কোনোমতেহে থিয় হ’ব পাৰিছিল,’’ কৰ্তব্যৰত আৰক্ষী বিষয়া গৰাকীয়ে কয়।

জানিব পৰা মতে সুৰাপান কৰি  আটক হোৱা ছাত্ৰজন এগৰাকী আৰক্ষী বিষয়াৰ পুত্ৰ আৰু তেওঁ আৰক্ষীক বেয়া ব্যৱহাৰ কৰিছিল।

৩১ ডিচেম্বৰৰ নিশা হাইদৰাবাদৰ চাইবাৰাবাদ আৰক্ষীয়ে অভিযান চলাই ৫২৪ জন লোকক আটক কৰে আৰু আটক হোৱা সকল ২১ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰত আছিল।