NORTHEAST NOW (Assamese)

চলিত বৰ্ষত ১৮৭ টা বিদ্ৰোহ সম্পৰ্কীয় ঘটনা সংঘটিত হৈছে উত্তৰ-পূব ভাৰতত

November 30, 2021 5:45 pm · এন ই নাও নিউজ, গুৱাহাটী

চলিত বৰ্ষত প্ৰায় ১৮৭ টা বিদ্ৰোহ সম্পৰ্কীয় ঘটনাই উত্তৰ-পূব অঞ্চলক জোকাৰি গৈছে।

আজি কেন্দ্ৰীয় চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনত এই তথ্য সদৰী কৰিছে।

গৃহ মন্ত্ৰালয়ে লোকসভাত দাখিল কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা ১৫ নৱেম্বৰলৈ এই ঘটনাসমূহ সংঘটিত হৈছে।

“এই বছৰ উত্তৰ-পূব অঞ্চলত ১৫ নৱেম্বৰলৈকে ১৮৭ টা বিদ্ৰোহ সম্পৰ্কীয় ঘটনা সংঘটিত হৈছিল।” গৃহ মন্ত্ৰালয়ে কয়।

তদুপৰি গৃহ মন্ত্ৰালয়ে লগতে জনায় যে উত্তৰ-পূবৰ বিভিন্ন বিদ্ৰোহী গোটৰ মুঠ ৩৯ জন বিদ্ৰোহীক সুৰক্ষা বাহিনীয়ে গুলীয়াই হত্যা কৰে।

আনহাতে, বিদ্ৰোহ সম্পৰ্কীয় ঘটনাত প্ৰায় ২০ জন সাধাৰণ লোক আৰু আঠজন সুৰক্ষা কৰ্মীয়েও প্ৰাণ হেৰুৱাইছে।

“এই বছৰ বিদ্ৰোহ সম্পৰ্কীয় ঘটনাত উত্তৰ-পূবত ২০ জন সাধাৰণ লোক, ৮ জন সুৰক্ষা বাহিনীৰ জোৱান আৰু ৩৯ জন বিদ্ৰোহী নিহত হৈছে।” গৃহ মন্ত্ৰালয়ে লোকসভাক জনায়।

Related News