DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

ম’ব লিঞ্চিঙৰ উন্মাদনা, উচ্চতম ন্যায়ালয়ৰ ৰায়, শাসকপক্ষৰ ভূমিকা আৰু জনতাৰ ন্যায়ৰ আশা

মনজিৎ দত্ত, শিৱসাগৰ by মনজিৎ দত্ত, শিৱসাগৰ
November 30, 2021 5:10 pm
Mob Lynching
245
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে যোৰহাটৰ বৰ্বৰ নৃশংস উন্মাদনাই সমগ্ৰ ৰাজ্য জোকাৰি গ’ল। সকলোৱে একেমুখে ধিক্কাৰ জনালে এনে বৰ্বৰতাক। কোনো-কোনোৱে অপৰাধীৰ তাৎক্ষণিক শাস্তি স্বৰূপে এনকাউণ্টাৰ বা ৰাজহুৱা ফাঁচীৰ দাবী তুলিলে। অভি-নীলৰ পৰা শেহতীয়াকৈ অনিমেষ ভূঞালৈকে ৰাজ্যৰ এই ম’ব লিঞ্চিঙৰ ঘটনাসমূহে মানৱ সমাজক লজ্জানত কৰিলে। কিন্তু এনে ঘটনাৰ অপৰাধীৰ বিচাৰৰ ক্ষেত্ৰত হঠকাৰী আৱেগিক দাবীৰ মাজত এক তাৎক্ষণিক ন্যায়িক প্ৰক্ৰিয়াৰ দাবী উহ্য হৈ ৰয়।

২০১৮ চনতে দেশৰ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্যসমূহক লিঞ্চিঙৰ ওপৰত নতুন আইন প্ৰণয়ন কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল।

জুলাই, ২০১৮ চনত উচ্চতম ন্যায়ালয়ে তাহচিন এছ. পুনাৱালা বনাম ইউনিয়ন অৱ ইণ্ডিয়া (ডব্লিউ.পি.(চি.) নং 754/2016)ৰ গোচৰত তদানীন্তত মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ আৰু ন্যায়াধীশ এ.এম খানউইলকাৰ আৰু ডি.ৱাই. চন্দ্ৰচূড়ক লৈ গঠিত বিচাৰপীঠে ৰায় ঘোষণা কৰাৰ সময়ত লিঞ্চিং আৰু গণহিংসাৰ মোকাবিলা কৰিবলৈ কেইবাটাও প্ৰতিৰোধমূলক, প্ৰতিকাৰমূলক আৰু শাস্তিমূলক ব্যৱস্থা নিৰ্ধাৰণ কৰিছিল। ৰাজ্যসমূহক কেৱল গণ হিংসাৰ সৈতে জড়িত গোচৰৰ মোকাবিলা কৰিবলৈ প্ৰতিখন জিলাত নিৰ্ধাৰিত ফাষ্ট ট্ৰেক আদালত স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

ন্যায়ালয়ে ঘৃণামূলক ভাষণ, উচটনিমূলক মন্তব্য আৰু ভুৱা বাতৰি প্ৰচাৰৰ সৈতে জড়িত লোকসকলৰ বিষয়ে চোৰাংচোৱা প্ৰতিবেদন সংগ্ৰহ কৰাৰ উদ্দেশ্যে এটা বিশেষ টাস্ক ফ’ৰ্চ গঠনৰ বাবেও নিৰ্দেশনা জাৰি কৰিছিল। ভুক্তভোগীসকলৰ সাহায্য আৰু পুনৰ্সংস্থাপনৰ বাবে ভুক্তভোগী ক্ষতিপূৰণ আঁচনি স্থাপনৰ বাবেও নিৰ্দেশনা জাৰি কৰা হৈছিল।

ম’ব লিঞ্চিঙৰ মোকাবিলা কৰিবলৈ শীৰ্ষ আদালতে প্ৰতিৰোধমূলক, প্ৰতিকাৰমূলক আৰু শাস্তিমূলক পদক্ষেপকে ধৰি কেইবাটাও নিৰ্দেশনা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছিল।

১. ৰাজ্য চৰকাৰে গণহিংসা আৰু লিঞ্চিংৰ ঘটনা প্ৰতিহত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰতিখন জিলাৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াক মনোনীত কৰিব।

২. ৰাজ্য চৰকাৰবোৰে শেহতীয়াকৈ লিঞ্চিং আৰু গণহিংসাৰ উদাহৰণ পোৱা জিলা, উপ-বিভাগ আৰু গাঁওবোৰ চিনাক্ত কৰিব।

৩. নোডেল বিষয়াসকলে লিঞ্চিং আৰু গণহিংসা সম্পৰ্কীয় সমস্যাৰ মোকাবিলা কৰাৰ বাবে ৰণনীতি প্ৰস্তুত কৰাৰ বাবে যিকোনো আন্তঃজিলা সমন্বয়ৰ বিষয় ডিজিপিৰ দৃষ্টি আকৰ্ষণ কৰিব।

৪. ছদ্মবেশত হিংসা সৃষ্টি কৰাৰ প্ৰৱণতা থকা যেন সন্দেহ হোৱা জনতাক ছত্ৰভঙ্গ কৰা প্ৰতিজন আৰক্ষী বিষয়াৰ কৰ্তব্য হ’ব।

৫. কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰেডিঅ’, টেলিভিছন আৰু অন্যান্য মিডিয়া তথা ৱেবছাইটত লিঞ্চিং আৰু গণহিংসাই সৃষ্টি কৰিব পৰা গুৰুতৰ পৰিণামৰ বিষয়ে সম্প্ৰচাৰ কৰিব।

৬. বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত দায়িত্বহীন আৰু বিস্ফোৰক বাৰ্তা, ভিডিঅ’ আৰু অন্যান্য সামগ্ৰী প্ৰচাৰ নিয়ন্ত্ৰণ আৰু বন্ধ কৰক। এনে বাৰ্তা প্ৰচাৰ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে আইনৰ প্ৰাসঙ্গিক ব্যৱস্থাৰ অধীনত এজাহাৰ পঞ্জীয়ন কৰক।

৭. নিশ্চিত কৰক যাতে ভুক্তভোগী সকলৰ পৰিয়ালৰ সদস্যসকলক আৰু কোনো নিৰ্যাতন কৰা নহয়।

৮. ৰাজ্য চৰকাৰবোৰে এটা লিঞ্চিং তথা গণ হিংসাৰ ভুক্তভোগীৰ বাবে ক্ষতিপূৰণ আঁচনি প্ৰস্তুত কৰিব।

৯. লিঞ্চিং আৰু গণহিংসাৰ গোচৰবোৰ বিশেষভাৱে প্ৰতিখন জিলাত সেই উদ্দেশ্যৰ বাবে নিৰ্ধাৰিত ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা বিচাৰ কৰা হ’ব। ছয় মাহৰ ভিতৰত এনে গোচৰৰ বিচাৰ সমাপ্ত কৰা হ’ব।

১০. গণহিংসা আৰু লিঞ্চিংৰ ক্ষেত্ৰত এক কঠোৰ উদাহৰণ স্থাপন কৰিবলৈ বিচাৰ আদালতে সাধাৰণতে অভিযুক্ত ব্যক্তিজনক দোষী সাব্যস্ত কৰাৰ পিছত সৰ্বাধিক শাস্তি প্ৰদান কৰিব লাগিব।

১১. যদি দেখা যায় যে এজন আৰক্ষী বিষয়া বা জিলা প্ৰশাসনৰ এজন বিষয়াই তেওঁৰ কৰ্তব্য পালন কৰাত ব্যৰ্থ হৈছে, ইয়াক ইচ্ছাকৃত অৱহেলা হিচাপে গণ্য কৰা হ’ব।

কিন্তু উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনা পালনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহো চুড়ান্ত ভাৱে ব্যৰ্থ হয়। ইয়াৰ এবছৰ পিছত ২০১৯ চনৰ জুলাই মাহত তেহচিন এছ পুনাৱালা নিৰ্দেশনা ৰূপায়ণৰ বাবে উচ্চতম ন্যায়ালয়ৰ সন্মুখত দাখিল কৰা এখন আবেদনৰ ভিত্তিত তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ দীপক গুপ্তাক লৈ গঠিত বিচাৰপীঠে কেন্দ্ৰ, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাজ্যসমূহলৈ উত্তৰ বিচাৰি জাননী জাৰি কৰিছিল। জাননীৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু মানৱ অধিকাৰ আয়োগক পূৰ্বে জাৰি কৰা ব্যৱস্থাসমূহ ৰূপায়ণ আৰু অনুপালন প্ৰতিবেদন দাখিল কৰাৰ দিশত তেওঁলোকে গ্ৰহণ কৰা পদক্ষেপসমূহ দাখিল কৰিবলৈ কৈছিল।

ইয়াৰ পিছতো ৰাজ্যসমূহৰ সঁহাৰি অত্যন্ত হতাশাজনক আছিল। এতিয়ালৈকে কেৱল তিনিখন ৰাজ্যই গণ হিংসাৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিছে। ২০১৮ চনত মণিপুৰত গণ হিংসা বিৰোধী আইন প্ৰণয়ন হোৱাৰ পিছত ২০১৯ চনত পশ্চিম বংগ আৰু ৰাজস্থানে গণ হিংসাৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিছে।

আনহাতে সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিলৈ লক্ষ্য কৰিলে শাসক পক্ষইও এনে গণ হিংসা উদ্ভৱৰ ক্ষেত্ৰত উচতনিমূলক স্থিতি গ্ৰহণ কৰা দেখা গৈছে। লিঞ্চিংৰ ভুক্তভোগীসকলৰ বিষয়ে শাসকীয় দলৰ ৰাজনৈতিক নেতাসকলৰ সাম্প্ৰদায়িক মন্তব্য স্বাভাৱিক হৈ পৰিছে।

হাৰিয়ানা বিজেপিৰ মুখপাত্ৰ সুৰজ পাল আমুৱে মেৱাটত আচিফ খানৰ সন্দেহযুক্ত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ৰাজহুৱা সভাত প্ৰতিবাদ কৰিছিল। কাশ্মীৰত নাবালিকা ধৰ্ষণৰ গোচৰত অভিযুক্তৰ সমৰ্থনত উলিওৱা সমদলৰ নেতৃত্বত আছিল খোদ স্থানীয় বিজেপি নেতা।

২০২০ চনৰ ফেব্ৰুৱাৰীত ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতাসকলে মুকলিকৈ “দেশ কে গদ্দাৰৌ কৌ, গুলী মাৰোঁ চালৌ কৌ” শ্লোগানেৰে ঘৃণামূলক ভাষণ দিছিল। ইয়াৰ পিছতে দিল্লীৰ দাঙ্গা সংঘটিত হৈছিল।

ক’ভিদ-১৯ৰ আগমনৰ সময়ত চৰকাৰৰ মুখাপেক্ষী ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে তবলিগী জামাতৰ বিৰুদ্ধে সাম্প্ৰদায়িক ঘৃণাৰ বাতৰি প্ৰচাৰ কৰিছিল। বিজেপিৰ কেইবাজনো নেতাই এনে চেনেল সমূহৰ অনুষ্ঠানত তবলিগী জামাতৰ দোহাই দি সাম্প্ৰদায়িক বাণী প্ৰচাৰ কৰিছিল। এনে ধৰণৰ প্ৰচাৰে সাধাৰণতেই মানুহক বিভ্ৰান্ত কৰি গণ হিংসাৰ উচতনি দিয়ে।

“কৰ’ণা জিহাদ”, “জমিন জিহাদ”, “আৰ্থিক জিহাদ”, আৰু “লাভ জিহাদ”, “পাকিস্তান চলে যাও”, “টুকৰে টুকৰে গেং” এই শব্দবোৰ চৰকাৰী নেতা আৰু মূলসুঁতিৰ চেনেলৰ মুদ্ৰা শব্দত পৰিণত হৈছে।

২০১৯ চনৰ অক্টোবৰত জি নিউজে প্ৰাইম টাইমত উচ্চতম ন্যায়ালয়ত বাবৰি বিবাদ চলি থকাৰ সময়তে ভগৱান ৰামক অযোধ্যাত তেওঁৰ ঘৰৰ সন্ধানত দেখুওৱা এক বিস্তৃত শ্ব’ অনুষ্ঠিত কৰিছিল।

চৰকাৰী মুখাপেক্ষী মূলসুঁতিৰ মিডিয়া চেনেল আৰু ক্ষমতাত থকা লোকসকলৰ দ্বাৰা প্ৰচাৰ কৰা এনে অনুষ্ঠান তথা বক্তব্যই সাম্প্ৰদায়িক বিদ্বেষত সাৰ পানী যোগায় আৰু জনসংখ্যাৰ এক বৃহৎ অংশক উত্তেজিত কৰে।

নিশ্চিতভাৱে এনে ঘটনা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ জাননীৰ পৰা আঁতৰি নাযায়। তাৰ পিছতো তেওঁলোকক বাধা দিবলৈ কোনো পদক্ষেপ লোৱা হোৱা নাই। এতিয়া প্ৰশ্ন হয়, ম’ব লিঞ্চিঙত প্ৰত্যক্ষভাৱে উচতনি যোগোৱা ক্ষমতাৰ মোহত অন্ধ শাসক পক্ষক নাকী লগাব কোনে ?

Recent News

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Assam Career

Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী পদ, কিদৰে কৰিব আবেদন?

Applications are invited for various teaching and research based positions under NIELIT Guwahati.

Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd