‘শত্ৰুপক্ষক ৰুধিবলৈ বায়ু সেনা সম্পূৰ্ণ সক্ষম’ : প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন

Chabua- Union Defense Minister Niemala Sitharaman

আজি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত ভাৰতীয় বায়ুসেনা ঘাটিত উপস্থিত হৈ ভাৰতীয় বায়ুসেনাৰ গগণ শক্তিৰ অনুশীলন উপভোগ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় চীন সীমান্তৰ সমীপৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডো পৰিদৰ্শন কৰে। এই কথা জানিবলৈ দিয়ে তেজপুৰস্থিত প্ৰতিৰক্ষা মুখপাত্ৰ লে.কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডে।

আজি ৰাতিপুৱা প্ৰায় ১১ বজাত চাবুৱাস্থিত বায়ুসেনাৰ ঘাটিত উপস্থিত হোৱা প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে বায়ুসেনাৰ মুৰব্বী বীৰেন্দৰ সিং ধানোৱা আৰু বায়ু সেনাৰ অন্য বিষয়াসকলে ভাৰতীয় বায়ুসেনাই প্ৰদৰ্শন কৰা আটাইতকৈ সৰ্ববৃহৎ অনুশীলন উপভোগ কৰাৰ লগতে বিমান ঘাটিটোৰ বিভিন্ন আন্তঃগাথনিৰ দিশ সম্পৰ্কতো পৰ্যালোচনা কৰা দেখা যায়। ইয়াৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশৰ পাচীঘাটলৈ ৰাওনা হয়।

‘শত্ৰুপক্ষক ৰুধিবলৈ বায়ু সেনা সম্পূৰ্ণ সক্ষম। দেশত প্ৰথমবাৰৰ বাবে ভাৰতীয় বায়ু সেনাই এনেধৰণৰ অনুশীলন কৰিছে। বায়ুসেনাৰ গগণ শক্তিৰ অনুশীলনক লৈ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে মই যথেষ্ট সুখী আৰু ভাৰতীয় বায়ু সেনাক লৈ মই গৌৰৱান্বিত’, বুলি চাবুৱাত মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

উল্লেখ্য যে ১৯৮৬-৮৭ চনৰ ব্ৰাছটাকছ অপাৰেশ্যনৰ পাছত পোন প্ৰথমবাৰৰ বাবে ভাৰতত বায়ুসেনাই এনেধৰণৰ বৃহৎ অনুশীলন প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। ইফালে আজি প্ৰদৰ্শন কৰা অনুশীলনৰ বাবে বায়ুসেনাই ৩০০ বিষয়া, ১৫০০ এয়াৰমেনৰ উপৰি ১১০০ যুদ্ধ, পৰিবহন আৰু হেলিকপ্তাৰ একত্ৰিত কৰিব লগা হয় বুলি জানিবলৈ দিয়ে।

যোৱা ১০ এপ্ৰিলতে আৰম্ভ হোৱা বায়ু সেনাৰ প্ৰথম পৰ্যায়ৰ অনুশীলন সফলতাৰে অন্ত পৰাৰ পাছত আজি দ্বিতীয় পৰ্যায়ৰ অনুশীলন আৰম্ভ হয়। ভাৰত-চীন সীমান্ত উত্তৰ-পূবত ভাৰতীয় বায়ুসেনাৰ আৰম্ভ হোৱা অনুশীলন অহা ২৩ এপ্ৰিললৈ চলিব।

স্মৰ্তব্য যে ভাৰত-চীন সীমান্ত অঞ্চল উত্তৰ-পূবত ভাৰতীয় বায়ুসেনাৰ তেজপুৰ বিমান ঘাটিৰ পাছতে দ্বিতীয়টো হৈছে চাবুৱা বিমান ঘাটি।