জনজাতিৰ বিভাজন ’১৯ৰ নিৰ্বাচনী পৰিকল্পনা নেকি বিজেপিৰ?

photo hindustan times

জনজাতীয় সাজত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

জনজাতিক বিভাজনেৰে অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰধান প্ৰতিশ্ৰুতি পালনত বিফল শাসনাধিষ্ঠ বিজেপি চৰকাৰে পাৰ কৰিব খুজিছে নেকি ’১৯ৰ নিৰ্বাচনী বৈতৰণী!

ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাখলাৰীৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিৰোধিতাত এনে এক ‘ৰাজনৈতিক আঁচনি’ৰে আশংকা প্ৰকাশ কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা জ্যোতি প্ৰসাদ চুতীয়াই।

‘জনজাতিকৰণৰ বিৰোধিতা কৰিবলৈ বিশেষ কিবা আঁচনি প্ৰস্তুত কৰি থোৱা যেন লাগে,’ নৰ্থ ইষ্ট নাও-ত এই মন্তব্য চুতীয়াৰ।

অসমৰ ৬টা জনগোষ্ঠীৰ সৈতে কেন্দ্ৰৰ শেহতীয়া আলোচনাৰ ‘চূড়ান্ত বিফলতা’, ট্ৰাইবেল সংঘৰ জনজাতিকৰণ-বিৰোধিতা আৰু জনজাতিকৰণৰ দাবীদাৰ জনগোষ্ঠীয় নেতাৰ ট্ৰাইবেল সংঘ-সমালোচনাই বিজেপিৰ বিভাজনমূলক পৰিকল্পনাৰ ইংগিতেই বহন কৰিছে নেকি?

সংঘই চুতীয়াকে ধৰি জনজাতিকৰণ দাবী কৰা ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি থকাৰ বিপৰীতে ১৯৮১ চনতে চুতীয়াসকল জনজাতিৰ যোগ্য বুলি সংঘই দিয়া স্বীকৃতিৰ প্ৰতিলিপি নৰ্থ ইষ্ট নাও-ৰ আগত দাঙি ধৰিছে জ্যোতি প্ৰসাদ চুতীয়াই।

‘চুতীয়া সম্প্ৰদায়ক জনজাতি লিষ্টত স্বীকৃতি দি অন্তৰ্ভুক্তিৰ বিষয়ে ‘সদৌ চুতীয়া জাতি সন্মিলন’য়ে দিয়া পত্ৰ সভাত পঢ়ি শুনাই দি এই বিষয়টো আলোচনা কৰা হয়। যিহেতু অন্তৰ্ভুক্তি বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ হাতত গতিকে কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হওক,’ চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতি ‘সহানুভূতি’ প্ৰকাশ কৰি ১৯৮১ চনৰ ৯ ফেব্ৰুৱাৰিত সদৌ অসম ট্ৰাইবেল সংঘই গ্ৰহণ কৰা প্ৰস্তাৱ।

সংঘৰ অন্তৰ্গত দেউৰী আৰু মিছিং জনগোষ্ঠীয় সংগঠন সদৌ অসম দেউৰী সন্মিলন আৰু সদৌ গুৱাহাটী মিছিং কেবাঙেও চুতীয়াসকলৰ জনজাতিকৰণৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল।

কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে ট্ৰাইবেল সংঘ তথা ইয়াৰ অন্তৰ্ভুক্ত জনগোষ্ঠীয় সংগঠনে বহু পূৰ্বেই চুতীয়াসকলৰ জনজাতিকৰণলৈ আগবঢ়োৱা এই সমৰ্থন সন্দৰ্ভত অজ্ঞ সংঘৰ বৰ্তমানৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰী।

‘মই ১৯৯৯ চনত ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় সমিতিলৈ আহিছো। তাৰ আগত এনে কিবা সিদ্ধান্ত হৈছিল যদি মই এই বিষয়ে নাজানো। বিষয়টো ভালকৈ চাব লাগিব,’ মন্তব্য খাখলাৰীৰ।

জনগোষ্ঠীকেইটাই জনজাতিকৰণৰ চৰ্তসমূহ পূৰণ নকৰে বুলি মন্তব্য কৰি বিষয়টো চৰকাৰে স্পষ্ট কৰি নিদিয়াক লৈ খাখলাৰীয়ে কয় ‘চৰকাৰে ৬ জনগোষ্ঠীক আশা দি বিষয়টোৰ ৰাজনীতিকৰণ কৰি আছে।’

‘অসম চৰকাৰে এবাৰ দুবাৰ নহয় আঠ বাৰকৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে ইয়াক নাকচ কৰিছে’ বুলি প্ৰকাশ কৰি খাখলাৰীয়ে কয় ‘জনজাতিৰ মৰ্য্যাদা পোৱাৰ বাবে প্ৰযোজনীয় আটাইখিনি লক্ষণ থাকিলে, তেওঁলোক জনজাতি হোৱাত আমাৰ আপত্তি নাই। কিন্তু তেওঁলোকৰ সেই লক্ষণসমূহ নাই।’

এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ ‘অসাংবিধানিক’ আৰু তেওঁলোকক জনজাতিৰ মৰ্য্যাদা দিবলৈ গ’লে ‘সংবিধান উলংঘা কৰা হ’ব’ বুলিও মন্তব্য কৰে ট্ৰাইবেল সংঘৰ নেতাজনে।

১৫ বছৰীয়া কংগ্ৰেছী শাসনৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধিতাতকৈও ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত অধিক কাৰ্য্যকৰী হৈছিল বিজেপিৰ ‘‘মেক্ৰ’ ৰাজনীতি’’। বৃ্হৎ ভোটাৰ থকা বড়ো, ৰাভা আৰু তিৱা জনগোষ্ঠীৰ মুখ্য দলকেইটাৰ লগত মিত্ৰতা কৰি বাকী ৬টা জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিৰ ফল আছিল বিজেপিৰ বাবে অভূতপূৰ্ব নিৰ্বাচনী সফলতা।

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে গুৱাহাটীৰ ৰাজ ভৱনত জনজাতিকৰণ দাবীদাৰ জনগোষ্ঠীয় নেতাসকলক মাতি নি জনজাতিকৰণৰ মৰ্য্যাদা দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। কোঁচ-ৰাজবংশী নেতা হিতেশ বৰ্মনে সংবাদ মাধ্যমত কোৱা মতে ১০০ দিনৰ ভিতৰতে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল মোদীয়ে।

‘তেওঁ (মোদী) আমাক স্পষ্টকৈ কৈছিল যে বিজেপি যদি ক্ষমতালৈ আহে আৰু তেওঁ যদি প্ৰধান মন্ত্ৰী হয়, তেন্তে আমাক ১০০ দিনৰ ভিতৰতে জনজাতিৰ মৰ্য্যাদা দিব,’ সংবাদ মাধ্যমত এয়া আছিল বৰ্মনৰ মন্তব্য।

২০১৪ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ পিছত যোৱা ২০১৬ৰ অসম বিধান সভা নিৰ্বাচনৰ ঠিক আগে আগে ২৯ ফেব্ৰুৱাৰিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে জনজাতিকৰণৰ দাবীদাৰ জনগোষ্ঠীয় নেতাসকলক দিল্লীলৈ মাতি নি জনজাতিকৰণৰ কাম আগবঢ়োৱাৰ বাবে মহেশ কুমাৰ সিংলাৰ নেতৃত্বত গঠন কৰি দিছিল মদালিটি সমিতি।

কিন্তু দিল্লীত যোৱা ২০ জুলাইত হোৱা বৈঠকত মদালিটি সমিতিয়ে যোৱা দুবছৰে একো কামেই নকৰাৰ কথা পোহৰলৈ অহাত ভীষণভাৱে প্ৰতাৰিত অনুভৱ কৰে অসমৰ জনগোষ্ঠীয় নেতাসকলে।

২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ ৩.১ কোটি জনসংখ্যাৰ ১৩ শতাংশ লোক জনজাতি। জনজাতিকৰণৰ দাবীদাৰ ৬টা জনগোষ্ঠীৰ জনসংখ্যা জনজাতিৰ মৰ্য্যাদা পোৱা ১৩ শতাংশ (প্ৰায় ৪০ লাখ গৰাকী)তকৈ বহুগুণে বেছি।

৬টা জনগোষ্ঠীৰ আন্দোলন আৰু তাৰ বিপৰীতে পূৰ্বে জনজাতিৰ মৰ্য্যাদা লাভ কৰাসকলৰ বিৰোধিতাই অনা তীব্ৰ অস্বস্তিৰ পৰা পৰিত্ৰাণৰ নিমিত্তেই শাসকীয় বিজেপিয়ে জনজাতিকৰণক লৈ ‘ৰাজনৈতিক আঁচনি’ লোৱাটো অস্বীকাৰ কৰিব পাৰিনে?