বন্দে ভাৰতত চীনৰ উহানলৈ যোৱা ১৯ ভাৰতীয়ৰ দেহত কৰ’না পজিটিভ

WhatsApp Image 2020-11-03 at 11.34.21 AM

প্ৰতিনিধিত্বমূলক ফটো।

চীনৰ উহানৰ পৰাই বিয়পিছিল কৰ’না ভাইৰাছ। সেই উহানতেই ১৯গৰাকী ভাৰতীয় লোক কৰ’নাত আক্ৰান্ত হ’ল। ইয়াৰ পাছতেই ভাৰতৰ পৰা চীনলৈ বন্দে ভাৰত মিছনৰ অধীনত চলা বিমানক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে।

বিমানখনত থকা মুঠ ২৭৭গৰাকী যাত্ৰীৰ ভিতৰত ১৯গৰাকীয়েই আছিল কৰ’না পজিটিভ ৰোগী। তদুপৰি, ৩৯গৰাকীক লক্ষণহীন ৰোগী বুলি অনুমান কৰা হৈছে।

বৰ্তমান এই ৫৮গৰাকীকে প্ৰাথমিকভাৱে ১৪দিনৰ বাবে কোৱাৰেন্টাইন কৰা হৈছে।

যোৱা শুকুৰবাৰে বিমানখন ভাৰতৰ পৰা চীনলৈ গৈছিল। বন্দে ভাৰতৰ অধীনত এই বিমানখন গৈছিল।

চীনত থকা ২৩হাজাৰ ভাৰতীয় শিক্ষাৰ্থী কেতিয়া উভতিব পাৰিব সেয়া বেইজিঙে এতিয়ালৈ স্পষ্ট কৰা নাই।

ভাৰতে নৱেম্বৰত উহানলৈ আৰু এখন বিমান চলোৱাৰ অনুৰোধ জনাইছে যদিও এই বিষয়ত কোনো সঁহাৰি পোৱা হোৱা নাই। লগতে এই ঘটনাৰ পাছত অনুমতি লাভ কৰাটো কঠিন বুলি অনুমান কৰা হৈছে।

চীনত বৰ্তমান কৰ’না ভাইৰাছ নিয়ন্ত্ৰণলৈ আহিলেও চহৰসমূহত গোষ্ঠী সংক্ৰমণকলৈ চিন্তিত বেইজিং।

দেশখনে সেয়েহে কৰ’নাৰ প্ৰভাৱ থকা দেশসমূহক অনুমতি দিয়া নাই। ভাৰত সংক্ৰমণৰ হাৰত বিশ্বৰ দ্বিতীয় স্থানত আছে।

এনেক্ষেত্ৰত চীনৰ পৰা অনুমতি লাভ কৰাটো যথেষ্ট ক্ষীণ বুলিয়েই অনুমান কৰা হৈছে।