নামেৰী ইক’কেম্পত বিশ্ব মৎস্য প্ৰব্ৰজন দিৱস উদযাপন

WhatsApp

প্ৰব্ৰজন কৰা মাছৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণক সজাগ কৰা, লগতে নদীৰ সুস্থ পৰিৱেশতন্ত্ৰ ৰক্ষাৰ প্ৰয়োজনীয়তা, নদীকেন্দ্ৰিক লোকসকলৰ ভৱিষ্যৎ সুৰক্ষাৰ বিশ্বযোৰা প্ৰচেষ্টাত তেজপুৰৰ নামেৰী ইক’কেম্পত উদযাপিত হ’ল ‘বিশ্ব মৎস্য প্ৰব্ৰজন দিৱস’।

‘আছাম এংগ্লিং এণ্ড কনজাৰভেশ্যন এছ’চিয়েশ্যন’ (Assam (Bhorelli) Angling& Conservation Association)ৰ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে হাফলঙৰ বিধায়ক তথা এবিএচিএৰ সভাপতি বি বি হাগজেৰে।

আনাহতে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি কল্ড ৱাটাৰ ফিচাৰিছ ইনষ্টিটিউটৰ সঞ্চালক দেৱজিত শৰ্মাৰ লগতে আন দুজন মীন বিজ্ঞানী বিশ্ব মৎস্য প্ৰব্ৰজন দিৱসৰ গুৰুত্বৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে।

উল্লেখযোগ্য যে এই দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতামূলক চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। য’ত ভিন্ন স্থানৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অনুষ্ঠানটোত উপস্থিত থাকি অধ্যাপক এনআৰ চট্ৰোপাধ্যাই, এ বৰগোহাঁই আৰু মীন বিশেষজ্ঞ ড০ ৰঞ্জিতা বনিয়াই ‘বিশ্ব মৎস্য প্ৰব্ৰজন দিৱস’ সন্দৰ্ভত বাখ্যা আগবঢ়ায়।

এই দিৱসটো সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ অৰ্থে অনুষ্ঠানটোত উপস্থিত সকলৰ  মাজত প্ৰচাৰ পত্ৰিকাও বিতৰণ কৰা হয়। চলিত বৰ্ষৰ দিৱসটোৰ বিষয়বস্তু হ’ল ‘মাছ, নদী আৰু মানুহৰ সংযোজীকৰণ’ (Connecting Fish, Rivers And People)।

জীৱ- জগতৰ আটাইতকৈ সুন্দৰ সৃষ্টি হ’ল— মৎস। এই জীৱ বিধৰ জীৱন পানীতেই আৰম্ভ হৈ পানীতেই শেষ। নদ- নদী, খাল- বিল, জলাশয়, জান- জুৰি, পুখুৰীৰ পৰা আৰম্ভ কৰি বিশাল সাগৰলৈ ইয়াৰ বিস্তৃতি। কেতিয়াবা মাছে নিজৰ আৱাস স্থল এৰি  আন স্থানলৈ গতি কৰে। মাছৰ এই প্ৰব্ৰজন কেই মিটাৰমানো হ’ব পাৰে বা হাজাৰ হাজাৰ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে। কিছুমানে মাছে আকৌ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে প্ৰব্ৰজন কৰে।

সাধাৰণতে প্ৰতিকূল পৰিৱেশৰ পৰা পৰিত্ৰাণ বিচাৰি, বা মৎস্যৰ সন্ধানত অথবা প্ৰজননৰ বাবে উপযুক্ত আশ্ৰয়স্থল বিচাৰি মাছে প্ৰব্ৰজন কৰে বুলি বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে। এই প্ৰব্ৰজনকাৰী মাছসমূহে সমগ্ৰ বিশ্বৰ নদীসমূহৰ মাজত যোগসূত্ৰ স্থাপনৰ কৰি আহিছে।

উল্লেখযোগ্য যে মাছৰ স্বাৰ্থতে গঠন কৰা হৈছিল ‘ৱৰ্ল্ড ফিছ মাইগ্ৰেশ্যন ফাউণ্ডেশ্যন’। এই সংস্থাটোৱে আন কিছুমান সংস্থাৰ লগ লাগি ২০১৪ চনৰ ২৪ মে’ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় ‘বিশ্ব মৎস প্ৰব্ৰজন দিৱস’। উত্তৰ- পূৰ্বাঞ্চলৰ বহু বিশিষ্ট লোকৰ অংশগ্ৰহণেৰে নামেৰীৰ ইক’কেম্পত উদযাপন কৰা হ’ল ‘বিশ্ব মৎস্য প্ৰব্ৰজন দিৱস’।