কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত মৌলিক গুণৰ বিকাশ কাৰ্যসূচী সম্পন্ন

Bodoland-university

কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত আচৰণৰ পুনৰ গঢ়ন আৰু শিক্ষকৰ দ্বাৰা শ্ৰেণীকোঠাত তথ্য আৰু যোগাযোগ আহিলাৰ (ICT) ব্যৱহাৰ সম্পৰ্কে ১০দিনীয়া মৌলিক গুণৰ বিকাশ (Faculty Development ) কাৰ্যসূচীৰ আজি সামৰণি পৰিছে। এই কাৰ্যসূচীৰ আয়োজন কৰিছিল ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি একাডেমি আৰু গুৱাহাটী আইআইটিয়ে।

এই প্ৰশিক্ষণ কাৰ্যসূচীত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ৫০ গৰাকীতকৈও অধিক ফেকাল্টী সদস্যই যোগদান কৰিছিল। শ্ৰেণীকোঠাত তথ্য আৰু যোগাযোগ আহিলাৰ ব্যৱহাৰ, এমএছ অফিচ আদিৰ শিক্ষণ, গৱেষণা মেথড’লজিত সমাজ বিজ্ঞানৰ বাবে পৰিসাংখ্যিক পেকেজৰ (SPSS) ব্যৱহাৰ, শ্ৰেণীকোঠাত শিক্ষাদানৰ বাবে বাবে আচৰণৰ পুনৰ্গঢ়ন আদি তুলি ধৰা হৈছিল।

বিশেষজ্ঞ অঞ্জন চৌধুৰীয়ে কৈছে যে ফেকাল্টী মেম্বাৰসকলে শ্ৰেণীকোঠাত মনোযোগ আকৰ্ষণ কৰাৰ বাবে কিছু অতিৰিক্ত জ্ঞান আহৰণ কৰিব লাগিব। সেয়েহে ফেকাল্টীসকলৰ শিক্ষণ পদ্ধতিৰ উন্নতি কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে এই উদ্যোগ গ্ৰহণ কৰিছে।

বিশেষজ্ঞসকলৰ মাজত আছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱা, বিটিচিৰ শিক্ষা সঞ্চালক ৰবি শংকৰ বৰগয়াৰী, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক হৰিকৃষ্ণ ছাহু ইত্যাদি।