দেশ-বিদেশৰ দবাৰুৰ আধিপত্যৰে ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় গ্ৰেণ্ডমাষ্টাৰছ প্ৰতিযোগিতা

গুৱাহাটীত চলি থকা আন্ত:ৰাষ্ট্ৰীয় মুকলি গ্ৰেণ্ডমাষ্টাৰ দবা প্ৰতিযোগিতাৰ তৃতীয় দিনা চতুৰ্থ ৰাউণ্ডৰ অন্তত ছয় গৰাকী জি এম আই এম ৰ্শীষত আছে ।

প্ৰতিযোগিতাৰ চাৰিখন খেলত চাৰি পইণ্টৰে এতিয়ালৈ শীৰ্ষত আছে পাৰাগুৱেৰ গ্ৰেণ্ডমাষ্টাৰ ডেলগাদু ৰামিৰেজ নিউৰিচ , ইজিপ্তৰ গ্ৰেণ্ডমাষ্টাৰ ফাউজি আদহাম , কলম্বিয়ান গ্ৰেণ্ডমাষ্টাৰ ৰিঅ’জ খ্ৰীষ্টিয়ান কছমিল’ আৰু ভাৰতৰ তিনি গৰাকী আই এম ক্ৰমে ছাই অগ্নি জেভিটেশ জে , ৰত্নাকাৰ কে , আৰু শ্যান্তন দাস ।

ভাৰতৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ দবাৰু তথা গ্ৰেণ্ডমাষ্টাৰ সপ্তৰ্ষি ৰয়ে চাৰি খন খেলৰ দুখনত ড্ৰ খেলি সংগ্ৰহ কৰিছে তিনি পইণ্ট । ক্ৰমাৎ আকৰ্ষণীয় পৰ্যায়লৈ গতি কৰা এই আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ একমাত্ৰ আই এম ছাহিল দে , অসমৰ চেম্পিয়ন শান্তনু বৰপাত্ৰ গোঁহাই , মায়াঙ্ক চক্ৰৱৰ্তী , ৰাহুল এছ সিং , ত্ৰৈলোক্য নন্দা , ইমটিয়াজ ইছলাম বৰাই তিনি তিনি পইণ্টকৈ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

প্ৰতিযোগিতা খনৰ টপ ২০ টেবুলত শ্ৰেষ্ঠতাৰ মুখামুখি হোৱা ৰাছিয়াৰ প’নকাৰাটভ পাভেল আৰু ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ শ্যাম নিখিলৰ মাজৰ খেল খন ড্ৰ হয় ।

একেদৰে আন এগৰাকী ভাৰতীয় গ্ৰেণ্ডমাষ্টৰ আৰু উবেকিস্তানৰ আই এমৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা চলিছিল যদিও খেল খন অৱশেষত ড্ৰ হয় ।