NORTHEAST NOW (Assamese)

ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ মূল্যৱান হাতীৰ দাঁত : দুজনক গ্ৰেপ্তাৰ

December 11, 2023 8:14 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 11, 2023 5:33 pm

সোমবাৰে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ চিলিগুৰি শাখাই হাতীৰ দাঁতসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

খবৰ অনুসৰি, নিউ জলপাইগুৰি ৰে’ল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে হাতীৰ দাঁতখিনি। জানিব পৰা মতে, এই দাঁতৰ ওজন প্ৰায় ৭.৫ কিলোগ্ৰাম।

তথ্য অনুসৰি, নিৰ্দিষ্ট খবৰৰ ভিত্তিত অভিযান চলাই চিলিগুৰি শাখাৰ ডি আৰ আই বিষয়াসকলে দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ পৰা নিউ জলপাইগুৰি ৰেলৱে ষ্টেচনত দুজন ব্যক্তিক আটক কৰে। 

আৰক্ষীয়ে জনোৱা মতে গ্ৰেপ্তাৰ কৰা লোক দুজন নগাঁৱৰ বাসিন্দা চুলেমান খা আৰু ৰতন গোৱালা ।

আৰক্ষীয়ে জনোৱা মতে এই দাঁতবোৰ উত্তৰ প্ৰদেশৰ ভাৰত-নেপাল সীমান্তইদি মাজেৰে নেপাললৈ সৰবৰাহ কৰাৰ কথা আছিল। 

জব্দ কৰা হাতীৰ দাঁতৰ ভিতৰত এটা শংকু আকৃতিৰ দুটা নলাকাৰ আকৃতিৰ।

ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Related News