• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিশপুৰ মহাবিদ্যালয়ত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সমাৰোহৰ আয়োজন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 11, 2023 7:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ উচ্চ শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান দিশপুৰ মহাবিদ্যালয়ত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে দক্ষিণ-পূৱ এছিয়া সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰা হয় । দিশপুৰ মহাবিদ্যালয়ৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ দক্ষিণ-পূৱ এছিয়া অধ্যয়ন কেন্দ্ৰ আৰু নৰ্থ ইষ্ট আশীৰ্বাদ ফাউণ্ডেশ্যনৰ সহযোগত আয়োজিত এই আন্তঃৰাষ্ট্ৰীয় সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাকে প্ৰমুখ্য কৰি বিশিষ্ট অতিথি হিচাপে  অসমৰ মুখ্যমন্ত্ৰীৰ আয়ুক্ত আৰু সচিব ৰঞ্জন শৰ্মা,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আৰু ডীন ড০জয়ন্ত কৃষ্ণ শৰ্মা,জিনা ৰাজকুমাৰী,থাইলেণ্ডৰ মাহাচাৰাখাম বিশ্ববিদ্যালয়ৰ ড° কেৰিন খোমক্ৰিচ, ড° ৱাৰাপৰম চেৰ্ডচু, ইণ্ডোনেছিয়াৰ জ্যেষ্ঠ নৃত্য সঞ্চালক ড° মেথিউছ ৱাচি বাণ্টোলো, কাঠমাণ্ডু, নেপালৰ জ্যেষ্ঠ সাংবাদিক বিভু প্ৰকাশ কায়স্থ আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Apply Now

ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড০সঞ্জীৱ কুমাৰ শৰ্মাই পৰিচালনা আৰু আঁতধৰা অনুষ্ঠানটোত উদ্বোধনী ভাষণ প্ৰদান কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাই দক্ষিণ-পূৱ এছিয়াৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ কথা উল্লেখ কৰি কয় যে এই সামঞ্জস্যতাসমূহে সাংস্কৃতিক মূল্যবোধ আৰু ধাৰণা, গঠন আৰু শিল্পকৰ্ম,  ভাষা আৰু সাহিত্য, পৰম্পৰাগত কলা আৰু শিল্পকৰ্ম, স্থাপত্য, পৰিবেশন কলা আদিৰ মাজত সমাহৰণ ঘটাই দেশখনক বাৰেৰহনীয়া সংস্কৃতিৰ মিলনভূমি ৰূপে গঢ়ি তোলাৰ লগতে অনক্যৰ মাজত ঐক্য কৰি তুলিছে।

বিশিষ্ট অতিথি ৰঞ্জন শৰ্মাই দিশপুৰ মহাবিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দক্ষিণ-পূৱ এছিয়া অধ্যয়ন কেন্দ্ৰ আৰু নৰ্থ ইষ্ট আশীৰ্বাদ ফাউণ্ডেশ্যনক ধন্যবাদ জনাই কামাখ্যা দেৱী আৰু শংকৰদেৱৰ ভূমি উত্তৰ পূৰ্বাঞ্চলৰ বাৰেৰহনীয়া সংস্কৃতিৰ কথা উল্লেখ কৰাৰ লগতে এক্ট-ইষ্ট পলিচিৰ দ্বাৰা দেশসমূহৰ মাজত সংযোগ হোৱা আৰ্থ সামাজিক সাংস্কৃতিক আৰু পৰ্যটনৰ সু-সম্পৰ্কৰ বৃদ্ধিৰ কথা ব্যক্ত কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক জয়ন্ত কৃষ্ণ শৰ্মাই এনেকুৱাধৰণৰ আন্তঃৰাষ্ট্ৰীয় সমাৰোহে মানুহে মানুহৰ মাজত সম্পৰ্ক স্থাপন কৰাৰ কথা উল্লেখ কৰি দক্ষিণ-পূৱ এছিয়াৰ লগত ভাৰতৰ সম্পৰ্কৰ কথা ৰামায়ণ ,অযোধ্যা আদিৰ উদাহৰণ দ্বাৰা প্ৰকাশ কৰে।

দিশপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড০সুনিতা আগৰৱালাই শলাগৰ শৰাই জ্ঞাপন কৰি উদ্বোধনী অনুষ্ঠানৰ সামৰণি পেলোৱাৰ পাছতেই সাংস্কৃতিক বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়,য’ত ভ্ৰমণকাৰী দেশসমূহৰ প্ৰতিখন দেশৰ থাইলেণ্ড, ইণ্ডোনেছিয়া, ম্যানমাৰ, লাওছ, মালয়েছিয়া, ভিয়েটনামৰ লগতে আমেৰিকা, নেপাল, বাংলাদেশ ইত্যাদিৰ প্ৰতিনিধিয়ে  তেওঁলোকৰ চহকী আৰ্থ-সাংস্কৃতিক ঐতিহ্যক চিত্ৰিত কৰে। ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা সাংস্কৃতিক সমাৰোহত দিশপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও উত্তৰ-পূৰ্বাঞ্চলৰ বাৰেৰহনীয়া জাতি-জনগোষ্ঠীৰ  নৃত্য-গীত বিহু-হুঁচৰি , বাগৰুম্বা , গায়ন-বায়ন, ভোৰতাল নৃত্য আদি প্ৰদৰ্শন কৰাৰ লগতে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী নিবেদিতা বৈশ্যই ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে। বিভিন্ন দেশৰ বিভিন্ন জাতিৰ সাংস্কৃতিক সমাহৰণ ঘটা আন্তঃৰাষ্ট্ৰীয় সমাৰোহৰ সফল সমাপ্তি ঘটে ৰাষ্ট্ৰীয় সংগীতেৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd