উচ্চপ্ৰদস্থ বিষয়াক অভিযোগ দিয়াৰ ক্ষোভ: ক্ষোভিত জোৱানে গুলীয়াই হত্যা কৰিলে দুই সতীৰ্থক

Mizoram Cops Shot Dead By Colleague

শীৰ্ষ বিষয়াৰ ওচৰত অভিযোগ দিয়াৰ পৰিণতিত দুই সতীৰ্থ জোৱানক গুলীয়াই হত্যা কৰিছে এগৰাকী জোৱানে। মিজোৰামৰ কোলাছিব জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। দেওবাৰে সন্ধিয়া সংঘটিত এই ঘটনাত নিহত জোৱান দুগৰাকী মিজোৰামৰ সশস্ত্ৰ বাহিনীত কৰ্মৰত আছিল।

দ্বিতীয় বেটেলিয়নৰ আৰক্ষী জোৱান তিনিগৰাকী মিজোৰাম-অসম সীমান্তৰ সমীপৰ বুয়াৰ্চেপ গাঁৱৰ এটা উপ-আউটপোষ্টত কৰ্তব্যৰত অৱস্থাত আছিল। মিজোৰামৰ আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) লালবিয়াকথাংগা খিয়াংটে সদৰী কৰা মতে অভিযুক্ত জোৱানগৰাকীক হাবিলদাৰ বিমল কান্তি চাকমা বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে ৫৬ বৰ্ষীয় চাকমাই সতীৰ্থ জোৱান দুগৰাকীৰ ওপৰত নিজৰ চাৰ্ভিচ ৰাইফলেৰে প্ৰায় ১৫ ৰাউণ্ড গুলীচালনা কৰে। এই নিৰ্বিচাৰ গুলীচালনাত হাবিলদাৰ জে লালৰোহলুৱা আৰু হাবিলদাৰ ইন্দ্ৰ কুমাৰ ৰায়ে প্ৰাণ হেৰুৱায়।

প্ৰকাশিত খবৰ অনুসৰি, বন্দুকৰ গুলীৰ শব্দ শুনি সীমান্ত আউটপোষ্টৰ কমাণ্ডাৰ আৰু অন্যান্য আৰক্ষী জোৱানসকল ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয় আৰু তেজেৰে তুমুৰলি অৱস্থাত মাটিত পৰি থকা লালৰোহলুৱা নামৰ জোৱান গৰাকীক উদ্ধাৰ কৰে।

আনহাতে আনগৰাকী গুলীবিদ্ধ জোৱান ৰায়ক গুলীচালনা সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় ৪০ ফুট দূৰত গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰে। লালৰোহলুৱাৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ৰায়ক চিকিৎসালয়ত ভৰ্তি কৰাৰ কিছু সময় পিছত মৃত্যু হয় বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

ইফালে ঘটনাৰ পিছতে অভিযুক্ত জোৱান চাকমাক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ চাৰ্ভিচ ৰাইফল আৰু সক্ৰিয় গুলী জব্দ কৰা হয় বুলি আৰক্ষী মহাপৰিদৰ্শক লালবিয়াকথাংগা খিয়াংটে জানিবলৈ দিয়ে।

জেৰাৰ সময়ত অভিযুক্ত চাকমাই তেওঁ নিতৌ সুৰাপান কৰে আৰু তেওঁৰ সহকৰ্মীসকলে বাৰে বাৰে তেওঁৰ এই আচৰণৰ বিষয়ে তেওঁলোকৰ আউটপোষ্ট কমাণ্ডাৰক জনোৱাৰ বাবে ক্ষোভিত হৈ এই ঘটনা সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে বুলি খিয়াংটে লগতে কয়।