গোপনীয় তথ্য ফাদিলৰ অভিযোগত ছয় নৌ সেনা বিষয়াৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল CBIৰ

CBI charged 6 navy commander

চেন্ট্ৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন চমুকৈ CBI এ ভাৰতৰ ‘কিল’ ক্লাছ’ চাবমেৰিনৰ বিষয়ে গোপনীয় তথ্য কৰ্তৃত্বহীন ব্যক্তিলৈ প্ৰেৰণ কৰাৰ অভিযোগত দুজন কৰ্মৰত কমাণ্ডাৰ আৰু দুজন অৱসৰপ্ৰাপ্ত ভাৰতীয় নৌসেনা বিষয়াসহ ছয়জন লোকৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰিছে।

সূত্ৰ অনুসৰি এই ছয়জন লোকক দুৰ্নীতি প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত অভিযুক্ত কৰা হৈছে।

অভিযুক্তকেইজনে ভাৰতৰ ‘কিল’ ক্লাছ’ চাবমেৰিনৰ ‘মিডিয়াম ৰিফিট লাইফ চাৰ্টিফিকেচন’(MRLC) কাৰ্যসূচীৰ গোপনীয় বাণিজ্যিক তথ্য অবৈধভাৱে অকৰ্তৃত্বশীল ব্যক্তিলৈ প্ৰেৰণ কৰি আহিছিল বুলি CBI এ কয়।

চিবিআইয়ে ৩ ছেপ্টেম্বৰত নৌসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰণদীপ সিং আৰু এছ জে সিঙক গ্ৰেপ্তাৰ কৰাৰ পিছত গোচৰটো পোহৰলৈ আহে।

পৰৱৰ্তী সময়ত অৱসৰপ্ৰাপ্ত কমাণ্ডাৰ ৰণদীপ সিঙৰ সম্পত্তি তালাচী চলাই প্ৰায় ২ কোটি টকা নগদ ধন উদ্ধাৰ কৰে।

তদন্তৰ ভিত্তিত চিবিআইয়ে পশ্চিম নৌ সেনা কমাণ্ডৰ মুখ্য কাৰ্যালয়ত নিযুক্ত কমাণ্ডাৰ অজিত কুমাৰ পাণ্ডেক গ্ৰেপ্তাৰ কৰে। কমাণ্ডাৰ পাণ্ডেৰ অধীনত কাম কৰি থকা আৰু একেটা মুখ্য কাৰ্যালয়ত নিযুক্তি দিয়া আন এজন কমাণ্ডাৰকো গ্ৰেপ্তাৰ কৰা হৈছিল।

চিবিআইৰ সূত্ৰ অনুসৰি, এই দুয়োজন কমাণ্ডাৰে বিদেশী কোম্পানীৰ বাবে কাম কৰি থকা অৱসৰপ্ৰাপ্ত নৌসেনা বিষয়াসকলক কিল’ ক্লাছ চাবমেৰিন পুনৰ মেৰামতি কৰাৰ বিষয়ে গোপনীয় বাণিজ্যিক তথ্য প্ৰদান কৰি আহিছিল।

এই বছৰৰ আৰম্ভণিতে অৱসৰ গ্ৰহণ কৰা কমাণ্ডাৰ এছ জে সিঙে ভাৰতীয় নৌসেনাৰ প্ৰকল্পত আগ্ৰহ থকা এটা কোৰিয়ান কোম্পানীৰ বাবে কাম কৰি আছে বুলি সূত্ৰত প্ৰকাশ । গোচৰটোত এজন ৰিয়াৰ এডমিৰেলকে ধৰি কমেও বাৰ লোকক সোধা-পোছা কৰা হৈছে।

চিবিআইয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলক জামিন পোৱাত বাধা দিবলৈ আজি অভিযোগপত্ৰ দাখিল কৰাৰ সিদ্ধান্ত লৈছিল। চিবিআইৰ এটা সূত্ৰই সংবাদ মাধ্যমৰ আগত এই বিষয়ত অধিক তদন্ত চলি আছে বুলি জানিবলৈ দিয়ে।

বিষয়টো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে সম্পৰ্কিত বাবে চিবিআইয়ে বৰ্তমানলৈকে ২ ছেপ্টেম্বৰত দাখিল কৰা প্ৰথম তথ্য প্ৰতিবেদন বা এজাহাৰও ৰাজহুৱা কৰা নাই।