NORTHEAST NOW (Assamese)

যুক্তিবাদী আন্দোলনৰ নেতা ডাভোলকাৰৰ দুই হত্যাকাৰীৰ যাৱজ্জীৱন কাৰাদণ্ড, ‘হিন্দুত্ববাদী’ অভিযুক্তক মুক্তি!

May 10, 2024 2:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 10, 2024 2:47 pm

মহাৰাষ্ট্ৰৰ যুক্তিবাদী আন্দোলনৰ অন্যতম নেতা নৰেন্দ্ৰ ডাভোলকৰ হত্যাকাণ্ডৰ গোচৰত পুনেৰ চিবিআইৰ বিশেষ আদালতে শাৰদ কলাস্কাৰ আৰু শচীন আন্দুৰেক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। কিন্তু প্ৰমাণৰ অভাৱত বীৰেন্দ্ৰ তাৱড়ে, অধিবক্তা সঞ্জীৱ পুনালেকাৰ আৰু বিক্ৰম ভাৱেক মুকলি কৰি দিয়া হয়।

পেছাত চিকিৎসক তথা অন্ধবিশ্বাস বিৰোধী, যুক্তিবাদী আন্দোলনৰ অন্যতম মুখ নৰেন্দ্ৰ ডাভোলকাৰক যোৱা ২০ আগষ্টত গুলীয়াই হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডৰ আঁৰত হিন্দু উগ্ৰ লোক আছিল বুলি অভিযোগ উত্থাপন হৈছিল। চিবিআইৰ অভিযোগনামাত হিন্দুত্ববাদী নেতা বীৰেন্দ্ৰক হত্যাকাণ্ডৰ ‘মূল ষড়যন্ত্ৰকাৰী’ হিচাপে উল্লেখ কৰা হৈছিল। কিন্তু আদালতে কয় যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তেওঁৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ দাখিল কৰিব নোৱাৰিলে।

এই গোচৰৰ মূল সাক্ষী কিৰণ কাম্বলে কয় যে পুনে পৌৰসভাৰ এজন চাফাই কৰ্মীয়ে আদালতত এই কাণ্ডৰ বৰ্ণনা কৰিছিল। তেওঁ কয় যে ডাভোলকৰ হত্যাৰ দিনা অৰ্থাৎ ২০ আগষ্টত তেওঁ কাম সম্পূৰ্ণ কৰি পথৰ দাঁতিত ডিভাইডাৰত জিৰণি লৈ আছিল। সেই সময়ত তেওঁ ফটকা ফুটাৰ দৰে শব্দ শুনে। তেওঁ দেখিলে যে দুজন মানুহে এজন ব্যক্তিৰ ওপৰত গুলীচালনা কৰিছে। ইয়াৰ পাছতে কিৰণ বহি থকা দিশে থানালৈ উঠি গৈ ৰাস্তাৰ কাষত ৰখাই থোৱা মটৰবাইকখন ষ্টাৰ্ট কৰি পলাই যায়।পাছত তেওঁ ডাভোলকাৰৰ হত্যাকাৰী দুজন শাৰদ আৰু শচীনকো চিনাক্ত কৰে।

Related News