চ’ছিয়েল মিডিয়াৰ জোৰ! ৭৫ বছৰ পিছত পুনৰ মিলিত হ’ল বিচ্ছেদিত দুই শিখ ভাতৃৰ পৰিয়াল

পৰস্পৰৰ ওপৰত পুষ্প বৰ্ষণেৰে গীত গাই আনন্দোল্লাস দুই আৱেগিক পৰিয়ালৰ

2 Sikh Brothers Reunite After 75 Years

১৯৪৭ চনত দেশ বিভাজনৰ সময়ত পৃথক হৈ পৰা দুগৰাকী শিখ ভাতৃৰ পৰিয়াল অৱশেষত পুনৰ মিলিত হ’ল বিচ্ছেদৰ ৭৫ বছৰৰ পিছত। বৃহস্পতিবাৰে কৰতাৰপুৰ কৰিড’ৰত দুয়ো ভাতৃৰ পৰিয়াল মিলিত হোৱাৰ পিছতে দেখিবলৈ পোৱা গ’ল এক আৱেগিক পৰিৱেশ। দুয়োটা পৰিয়ালে পৰস্পৰে পৰস্পৰৰ ওপৰত পুষ্প বৃষ্টি কৰি গীত গাই আনন্দোল্লাসত মত্ত হৈ পৰে।

জানিব পৰা মতে, চ’ছিয়েল মিডিয়াৰ বাবে সাত দশকতকৈও অধিক সময়ৰ পিছত সম্ভৱ হয় বিচ্ছেদিত দুই ভাতৃৰ পুনৰ মিলন। গুৰদেৱ সিং আৰু দয়া সিং নামৰ এই দুই ভাতৃ বিভাজনৰ পূৰ্বে প্ৰয়াত পিতৃৰ বন্ধু কৰিম বখছেৰ সৈতে হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাৰ গোমলা গাঁৱত বাস কৰিছিল।

বিভাজনৰ সময়ত গুৰদেৱ সিং বখছেৰ সৈতে পাকিস্তানলৈ প্ৰব্ৰজন কৰাৰ বিপৰীতে দয়া সিং মাতৃৰ ককাকৰ সৈতে হাৰিয়ানাত থাকে। পাকিস্তান পোৱাৰ পিছত বখছেই লাহোৰৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰত্বত থকা পঞ্জাৱ প্ৰদেশৰ ঝাং জিলালৈ গুচি যায় আৰু গুৰদেৱ সিংহক মুছলমান নাম (গুলাম মহম্মদ) দিয়ে।

কেইবছৰমান পূৰ্বে অৱশ্যে গুৰদেৱ সিঙৰ মৃত্যু হয়। গুৰদেৱৰ পুত্ৰ মহম্মদ শ্বৰীফে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, কেইবাবছৰ ধৰি গুৰদেৱ সিঙে ভাৰত চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি ভাতৃ দয়া সিঙৰ সন্ধান বিচাৰি দিবলৈ অনুৰোধ জনাইছিল। কিন্তু গুৰদেৱ সিঙৰ এই আশা পূৰণ হোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয়।

ইফালে ছমাহ পূৰ্বে ছ’চিয়েল মিডিয়াৰ জৰিয়তে দয়া সিঙক বিচাৰি উলিয়াবলৈ সক্ষম হয় গুৰদেৱ সিঙৰ পুত্ৰ মহম্মদ শ্বৰীফে। হাৰিয়ানাত থকা পূৰ্বপুৰুষৰ ঘৰত উপস্থিত হোৱাৰ মানসেৰে তেওঁ ভাৰত চৰকাৰক তেওঁৰ পৰিয়ালৰ লোকক ভিছা দিবলৈ আহ্বান জনায়।

অৱশেষত বৃহস্পতিবাৰে দুয়োটা পৰিয়াল কৰতাৰপুৰ কৰিড’ৰত পুনৰ একত্ৰিত হয়। কৰতাৰপুৰ চাহাবৰ গুৰদ্বাৰা দৰবাৰ চাহাবত পৰিয়াল দুটাৰ পুনৰ মিলনৰ সময়ত দৃশ্যমান হৈ পৰে এক আৱেগিক মুহূৰ্ত। বৰ্তমান ভাইৰেল হৈ পৰা এই দৃশ্যই আৱেগিক কৰি তুলিছে নেটিজেনকো।

উল্লেখ্য যে, শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক গুৰু নানক দেৱৰ অন্তিম বিশ্ৰাম স্থান পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ গুৰদ্বাৰা দৰবাৰ চাহাবক ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ গুৰদাসপুৰ জিলাৰ ডেৰা বাবা নানক মন্দিৰৰ সৈতে সংযোগ কৰিছে কৰতাৰপুৰ কৰিডৰে।

৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিড’ৰত ভাৰতীয় শিখ তীৰ্থযাত্ৰীসকলে দৰবাৰ চাহাব ভ্ৰমণ কৰিবলৈ ভিছা-বিহীন প্ৰৱেশৰ সুবিধা প্ৰদান কৰে। গুৰদেৱ আৰু দয়া সিঙৰ দৰেই ২০২২ চনৰ জানুৱাৰী মাহত কৰতাৰপুৰ কৰিড’ৰত সাক্ষাৎ হৈছিল দুই বিচ্ছেদিত ভাতৃ পাকিস্তানৰ মহম্মদ ছিদ্দিক আৰু ভাৰতৰ হাবিব।