NORTHEAST NOW (Assamese)

বঢ়মপুৰৰ বামুণী পাহাৰত ১৮ টাকৈ বন্যহস্তীৰ ৰহস্যজনক মৃত্যু

May 13, 2021 5:16 pm · এন ই নাও নিউজ
Updated: May 13, 2021 7:55 pm

এক কৰুণ ঘটনাই জোকাৰি গৈছে নগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যকে।

নগাঁও জিলাৰ বঢ়মপুৰৰ বামুণী পাহাৰত আজি উদ্ধাৰ হয় ১৮  টাকৈ বন্যস্তীৰ মৃতদেহ।

আজি পুৱাৰ ভাগত পাহাৰলৈ খৰি লুৰিবলৈ যোৱা লোকে মৃত হাতী কেইটা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক খবৰ দিয়ে।

ৰাইজে লগে লগে নগাঁৱৰ বন বিভাগক ঘটনাটোৰ বিষয়ে অৱগত কৰাৰ পিছতে বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়।

পাহাৰৰ কাষৰীয়া অঞ্চলত বাস কৰা স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা হোৱা তেওঁলোকে বামুণী পাহাৰত হাতীৰ আৰ্তনাদ শুনিবলৈ পাইছিল।

বনবিভাগৰ লোকে  বজ্ৰপাতৰ ফলতে এনেদৰে হাতী কেইটাৰ মৃত্যুক ঘটিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও ৰাজ্যৰ এগৰাকী আগশাৰীৰ হস্তী বিশেষজ্ঞ বিজয়ানন্দ চৌধুৰীয়ে হাতী কেইটাৰ মৃত্যু  বজ্ৰপাতৰ ফলত হোৱা বুলি মানি ল’বলৈ বিচৰা নাই।

হস্তী বিশেষজ্ঞ চৌধুৰীৰ মতে এয়া বিষক্ৰিয়াজনিত ঘটনা হোৱাৰেই সম্ভাৱনা বেছি।

কিয়নো ১৮ টাকৈ হাতীয়ে দুটা ভিন্ন স্থানত মৃত্যুক সাৱটি লৈছে। ইয়াৰে এটা স্থানত ১৪ টা আৰু আন এটা স্থানত ৪ টা হাতীৰ মৃত্যু ঘটিছে।

এনে পৰিস্থিতিলৈ চাই হাতী কেইটাৰ মৃত্যু বজ্ৰপাতৰ ফলত হোৱা নাই বুলি ভাবিব পাৰি বুলি উল্লেখ কৰে হস্তী বিশেষজ্ঞ বিজয়ানন্দ চৌধুৰীয়ে।

তেওঁ জোৰ দি কয় যে মৰণোত্তৰ পৰীক্ষাত তেনে ফলাফলেই ওলাব।হাতী কেইটাই যোৱা নিশা প্ৰকৃততে ক’ত অৱস্থান কৰিছিল সেয়া নিৰ্ধাৰণ কৰি তদন্ত আগবঢ়াই নিবলৈ হস্তী বিশেষজ্ঞ চৌধুৰীয়ে বনবিভাগক পৰামৰ্শ দিয়ে।

মৃত হাতী কেইটাৰ ভিতৰত কেইবাটাও পোৱালি হাতীও থকা বুলি জানিব পৰা গৈছে।

ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বন আৰু পৰিবেশ দপ্তৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ দিছে। শুকুৰবাৰে বনমন্ত্ৰীগৰাকীয়ে বামুণী পাহাৰৰ ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিছে।

একেলগে এনেদৰে ১৮ টাকৈ বন্যহস্তীৰ মৃত্যুৱে এতিয়া ব্যথিত কৰি তুলিছে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী লোকসকলক।

Related News