পাঁচ বছৰে বন্দী হৈ থকা ২০ ভাৰতীয় মাছমৰীয়াক মুকলি পাকিস্তানৰ

India Pakistan

ভাৰত-পাকিস্তানৰ মাজত ধাৰাবাহিকভাৱে চলি অহা ৰাজনৈতিক শত্ৰুতাৰ মাজতো সদিচ্ছাৰ অঙ্গীকাৰ কৰি পাকিস্তান চৰকাৰে দেশখনত বন্দী হৈ থকা ২০ গৰাকী ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিছে। সোমবাৰে সন্ধিয়া সদ্য মুক্তিপ্ৰাপ্ত মাছমৰীয়া কেইজন ৱাঘা সীমান্ত পাৰ হৈ স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে।

গুজৰাট উপকূলৰ এই মাছমৰীয়া সকল পাকিস্তানৰ জলসীমাত অবৈধভাৱে মাছ ধৰাৰ অভিযোগত যোৱা পাঁচ বছৰ ধৰি কৰাচীৰ লেণ্ডি অঞ্চলৰ মালিৰ জিলা কাৰাগাৰত বন্দী হৈ আছিল।

পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ে এক বিবৃতিত কয় যে এই মাছমৰীয়াসকলক ৱাঘা সীমান্তৰে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰা হৈছে। মুক্তি প্ৰাপ্ত মাছমৰীয়াসকলে ইতিমধ্যে তেওঁলোকৰ শাস্তি সম্পূৰ্ণ কৰিছে বুলি বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে।

“বন্দীসকলৰ সমস্যাৰ মানৱীয় প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰেও একে স্থিতিৰ প্ৰতিদান দিব বুলি পাকিস্তান চৰকাৰে আশা কৰিছে।”- বিবৃতিটোত এইদৰে কোৱা হৈছে।

পাকিস্তানৰ এগৰাকী ৰেঞ্জাৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি দেওবাৰে সিন্ধু প্ৰদেশৰ মালিৰৰ জিলা কাৰাগাৰৰ পৰা মুকলি কৰা ২০ জন ভাৰতীয় মাছমৰীয়াক এখন বিশেষ বাছেৰে লাহোৰলৈ অনা হয় আৰু সোমবাৰে ৱাঘা সীমান্তত তেওঁলোকক খাদ্য, নতুন কাপোৰ আৰু ৫০০০ পাকিস্তানী টকা প্ৰদান কৰা হৈছিল।

সকলো চৰকাৰী নীতি নিয়ম সম্পাদন কৰাৰ পিছত তেওঁলোকক ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) হাতত গতাই দিয়া হয় বুলি তেওঁ লগতে সংবাদ মাধ্যমৰ আগত সদৰি কৰে।

উল্লেখ্য যে পাকিস্তান আৰু ভাৰতৰ মাজত সামুদ্ৰিক সীমা উলংঘা কৰাৰ বাবে নিয়মীয়াকৈ দেশ দুখনৰ মাছমৰীয়াসকলক গ্ৰেপ্তাৰ কৰা হয়। এই লৈ দেশ দুখ দুখনৰ মাজত প্ৰায়ে বিবাদৰো সৃষ্টি হৈছে।