NORTHEAST NOW (Assamese)

চুলাই ট্ৰেজেডি : নুমলীগড়ত স্থানীয় ৰাইজৰ আৰক্ষীৰ সহযোগত তীব্ৰ অভিযান

February 25, 2019 10:16 am · এন ই নাও নিউজ

গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত চুলাই সেৱন কৰি বৰ্তমানলৈকে শাতিধক লোকে প্ৰাণ হেৰুৱাৰ পিছত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পূৰ্বতে নিদ্ৰাৰত অৱস্থাত থকা আবকাৰী বিভাগে চুলাই বিৰোধি অভিযান চলাইছে।

দেওবাৰে নুমনীগড়ত স্থানীয় ৰাইজে গাঁওৰক্ষী বাহিনী আৰু নমুলীগড় আৰক্ষীৰ সহযোগত অঞ্চলটোত এক চুলাই বিৰোধী অভিযান চলাই প্ৰায় ২০০০ লিটাৰ অবৈধ সুৰা জব্দ কৰে।

অভিযানকাৰী দলটোৱে নুমলীগড়ৰ মাধৱপুৰ, নাৰায়ণপুৰ, বিষ্ণুপুৰ আৰু পংকা আদি অঞ্চলত অবৈধ সুৰা বিৰেধী অভিযান চলাই অবৈধ সুৰা নষ্ট কৰে। আনহাতে উক্ত অঞ্চলত চলোৱা অবৈধ সুৰাৰ অভিযানৰ বিষয়ে আগতীয়া উমান পাই উক্ত অবৈধ সুৰা ব্যৱসায়ত জড়িত ব্যক্তিয়ে তাৰ পৰা পলায়ন কৰে। অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কেইবাটাও গোচৰ ৰুজু কৰি অভিযান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে বাতৰি লিখা পৰলৈকে সুৰা ট্ৰেজেডিত গোলাঘাট আৰু যোৰহাট জিলাত প্ৰায় ১৬০ জন লোকে প্ৰাণ হেৰুৱাইছে। যি ঘটনাই সমগ্ৰ ৰাজ্যতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

Related News