NORTHEAST NOW (Assamese)

পাৰ হৈ গ’ল ধেমাজীৰ বোমা বিস্ফোৰণৰ দুটা দশক : আজিও অসমবাসীয়ে পাহৰা নাই সেই অভিশপ্ত ১৫ আগষ্ট

August 15, 2025 7:15 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 15, 2025 6:35 pm

স্বাধীনতা দিৱসৰ উল্লাস আৰু উদযাপনৰ মাজতো অসমবাসীয়ে পাহৰিব পৰা নাই ২০০৪ চনৰ ১৫ আগষ্টৰ দিনা ধেমাজীত হোৱা সেই বোমা বিস্ফোৰণৰ কথা। পুৱা ০৯:৩০ বজাত স্কুলত স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহি নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠনে ৰোপন কৰি থোৱা বোমা বিস্ফোৰণত মৃত্যুক সাৱটি লৈছিল ১৮ জনকৈ লোকে।

মৃতকসকলৰ ভিতৰত আছিল দহটা শিশু, তিনিগৰাকী মাতৃ আৰু আন পাঁচজন নিৰীহ সাধাৰণ নাগৰিক।

এই বিস্ফোৰণত কমেও ৪০ জন লোক আহত হৈছিল।ঘটনাই জীৱন সলনি কৰি দিছিল বহু পৰিয়ালৰ।

বিস্ফোৰণত ছিন্ন-ভিন্ন হৈ পৰিছিল মৃতদেহ। ছিটিকি পৰিছিল লোকসকল। শৰীৰৰ অংগ ওলমি ৰৈছিল গছৰ ডালত।

এই ঘটনাৰ পিছত আহতসকলক  ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়।

তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই বিস্ফোৰণক “অতি বৰ্বৰ, অমানৱীয় আৰু কৰুণ বুলি অভিহিত কৰে। ক্ষতিপূৰণৰ আশ্বাস দিয়ে আৰু ১৬ আগষ্টত শোক দিৱস ঘোষণা কৰা হয়।

এই বিস্ফোৰণৰ তদন্ত আৰম্ভ হয়। ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ৬ জনক গ্ৰেপ্তাৰ কৰা হয় যদিও
২০২৩ চনৰ ২৪ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ে আটাইকেইজনকে প্ৰমাণৰ অভাৱত দোষমুক্ত কৰে।

Related News