• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুম্বাই ৰে’ল বিস্ফোৰণ গোচৰ: ১২ জন দোষীক দোষমুক্ত ঘোষণা বম্বে উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2025 4:07 pm
50
VIEWS
Share on FacebookShare on Twitter

২০০৬ চনৰ মুম্বাইৰ স্থানীয় ৰে’লত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ গোচৰত দোষী সাব্যস্ত হোৱা ১২ জন লোকক বম্বে উচ্চ ন্যায়ালয়ে সোমবাৰে দোষমুক্ত ঘোষণা কৰিছে। ন্যায়াধীশ অনিল কিলো আৰু ন্যায়াধীশ শ্যাম চন্দকৰ দ্বাৰা গঠিত বিচাৰপীঠে পৰ্যাপ্ত প্ৰমাণ নথকাৰ বাবে এই ৰায় প্ৰদান কৰিছে বুলি সদৰী কৰিছে। ২০১৫ চনত নিম্ন আদালতে এই গোচৰত পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ড আৰু বাকী সাতজনক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

২০০৬ চনৰ ১১ জুলাইত মুম্বাইৰ স্থানীয় ৰে’লত ১১ মিনিটৰ ভিতৰত কেইবাটাও বিস্ফোৰণ সংঘটিত হৈছিল। এই ঘটনাত ১৮৯ জন লোকৰ মৃত্যু হৈছিল আৰু ৮০০ৰো অধিক লোক আহত হৈছিল। প্ৰথম বিস্ফোৰণটো সন্ধিয়া ৬:২৪ বজাত সংঘটিত হৈছিল, আৰু দ্বিতীয়টো ৬:৩৫ বজাত, যেতিয়া কাৰ্যালয়ৰ পৰা উভতি অহা লোকৰ ভিৰৰ মাজত এই বিস্ফোৰণ ঘটে। চাৰ্চগেটৰ পৰা ৰে’লত মুঠ ছটা ষ্টেচনত বিস্ফোৰণ সংঘটিত হৈছিল। ঘটনাৰ পিছত মুম্বাই আৰক্ষীয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য যে ২০১৫ চনত বিচাৰ আদালতে ১২ জনক দোষী সাব্যস্ত কৰিছিল। ফৈজল শ্বেইখ, আছিফ খান, কমল আনছাৰী, ইতাশাম ছিদ্দিকী আৰু নৱেদ খানক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল, আৰু বাকী সাতজনক বিস্ফোৰণৰ ষড়যন্ত্ৰৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়া হৈছিল। এই ১২ জন অভিযুক্তই নিম্ন ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

উচ্চ ন্যায়ালয়ে শুনানিৰ পিছত ৰায় দিছে যে, অভিযুক্তৰ বিৰুদ্ধে গোচৰটো প্ৰমাণ কৰাত বিচাৰ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অভিযুক্তই অপৰাধ সংঘটিত কৰিছে বুলি বিশ্বাস কৰাটো কঠিন। সেয়েহে নিম্ন ন্যায়ালয়ৰ দোষী সাব্যস্ত কৰাৰ আদেশ বাতিল কৰা হৈছে। আদালতে আৰু কয় যে, যদি অভিযুক্তসকল অন্য কোনো গোচৰৰ সৈতে জড়িত নহয়, তেন্তে তেওঁলোকক জেলৰ পৰা মুকলি কৰি দিয়া হ’ব।

Recent News

মুম্বাই ৰে’ল বিস্ফোৰণ গোচৰ: ১২ জন দোষীক দোষমুক্ত ঘোষণা বম্বে উচ্চ ন্যায়ালয়ৰ

মুম্বাই ৰে’ল বিস্ফোৰণ গোচৰ: ১২ জন দোষীক দোষমুক্ত ঘোষণা বম্বে উচ্চ ন্যায়ালয়ৰ

জুপুৰীৰ পৰা জাপানলৈ : দাৰিদ্ৰতাক নেওচি বৈজ্ঞানিক প্ৰতিভাৰ নিদৰ্শন ভাৰতীয় যুৱতীৰ

জুপুৰীৰ পৰা জাপানলৈ : দাৰিদ্ৰতাক নেওচি বৈজ্ঞানিক প্ৰতিভাৰ নিদৰ্শন ভাৰতীয় যুৱতীৰ

চৰকাৰে আৰম্ভ কৰিছে খৰাং মূল্যায়ন! বৰষুণৰ ঘাটিৰ সন্মুখীন অসমৰ ২৭খন জিলা চিনাক্ত            

চৰকাৰে আৰম্ভ কৰিছে খৰাং মূল্যায়ন! বৰষুণৰ ঘাটিৰ সন্মুখীন অসমৰ ২৭খন জিলা চিনাক্ত            

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd