• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰুষ্ট প্ৰকৃতি! উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ; চামোলি-ৰুদ্ৰপ্ৰয়াগত দুৰ্যোগ, ধ্বংসস্তুপত আৱদ্ধ বহু পৰিয়াল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2025 9:55 am
326
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ আৰু চামোলি জিলাত এক ভয়ংকৰ ডাৱৰ বিস্ফোৰণে দুৰ্যোগৰ সৃষ্টি কৰিছে। ধ্বংসাৱশেষত আবদ্ধ হৈ আছে কেইবাটাও পৰিয়াল, আহত হৈছে বহু লোক। ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে বহু লোক। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পূষ্কৰ সিং ধামীয়ে এই সন্দৰ্ভত পদক্ষেপ লোৱা বুলি জনায়।

ৰুদ্ৰপ্ৰয়াগৰ বাৰেত ধুংগাৰ টোক আৰু চামোলি জিলাৰ দেৱাল অঞ্চলত সংঘটিত হৈছে দুটা পৃথক ডাৱৰ বিস্ফোৰণ।

Apply Now

মুখ্যমন্ত্ৰীয়ে কয় যে স্থানীয় প্ৰশাসনে যুদ্ধকালীন ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। তেওঁ নিজেই বিষয়টো চাই আছে আৰু বিষয়াসকলৰ সৈতে অহৰহ যোগাযোগত আছে। মুখ্যমন্ত্ৰীয়ে এক্স-এত লিখিছে, “সকলোৰে সুৰক্ষা আৰু সুস্থ স্বাস্থ্যৰ বাবে বাবা কেদাৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো।”

যোৱা সপ্তাহৰ আৰম্ভণিতে চামোলিত ডাৱৰ বিস্ফোৰণ ঘটি থাৰালি অঞ্চলৰ পথ অৱৰুদ্ধ হৈ পৰে। টুনৰি গডেৰাৰ প্ৰবাহত জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে বোকা আৰু ধ্বংসাৱশেষ ভিতৰত সোমাই কেইবাটাও ঘৰৰ ক্ষতিসাধন কৰে।

চেপডো বজাৰ আৰু কোটদ্বীপ বজাৰতো ধ্বংসাৱশেষ সোমাই যায়। বোকাত আৱদ্ধ হৈ থকা গাড়ীৰ ছবিও পোহৰলৈ আহিছে।

ইফালে উত্তৰকাশীৰ হৰ্শিল উপত্যকাত যোৱা কেইদিনমানৰ পৰা সাহায্যৰ কাম চলি আছে। গডগাড গাডেৰাৰ পৰা নামি অহা ধ্বংসাৱশেষে যমুনা নদীত অস্থায়ী হ্ৰদৰ সৃষ্টি কৰি সেই অঞ্চলত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিছে।

জিলা দণ্ডাধীশ প্ৰশান্ত আৰ্য্যই সৰ্বভাৰতীয় সংবাদ সংস্থাৰ আগত কয়, “গংগোত্ৰী যাত্ৰা পথত কোনো সমস্যা নাই, আমি আশা কৰিছো যে এবাৰ পথ মেৰামতিৰ কাম সম্পূৰ্ণ হ’লে যমুনোত্ৰী যাত্ৰাও পুনৰ আৰম্ভ কৰিব পৰা যাব।”

একে সময়তে সমগ্ৰ ৰুদ্ৰপ্ৰয়াগ জিলাত এই দুৰ্যোগ গভীৰ হৈ পৰিছে। অলাকনন্দা আৰু মন্দাকিনী নদীৰ জলপৃষ্ঠ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। কেদাৰনাথ উপত্যকাৰ লাওৱাৰা গাঁৱৰ এটা পথৰ ওপৰেৰে নিৰ্মাণ কৰা এখন দলং প্ৰচণ্ড সোঁতে উটুৱাই লৈ যায়। চেনাগড় অঞ্চলতো পৰিস্থিতি সংকটজনক।

আৱাসিক এলেকাসমূহত প্ৰৱেশ কৰিছে নদীৰ পানী। ক্ষতিগ্ৰস্ত বাসগৃহৰ পৰা মানুহক খালী কৰিবলৈ বাধ্য হৈছে প্ৰশাসনে। ৰুদ্ৰপ্ৰয়াগৰ বিখ্যাত হনুমান মন্দিৰটোও পানীত বুৰ গৈছে।

আনহাতে, ৰুদ্ৰপ্ৰয়াগ জিলা দণ্ডাধীশ প্ৰীত জৈনে কয় যে বাসুকেদৰত অবিৰত ধাৰাসাৰ বৰষুণত চাৰিটা ঘৰ জাহ গৈছে। অৱশ্যে কোনো লোকৰ ক্ষতি হোৱা নাই, আটাইকেইজন বাসিন্দাক নিৰাপদে উলিয়াই অনা হৈছে। তেওঁ কয়, “আমি পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো।”

ইফালে বতৰৰ সতৰ্কবাণী মনত ৰাখি প্ৰশাসনে আজি ৰুদ্ৰপ্ৰয়াগ, বাগেশ্বৰ, চামোলি, হৰিদ্বাৰ আৰু পিথোৰাগড় জিলাৰ সকলো বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

চলিত মাহৰ আৰম্ভণিতে ধৰালী অঞ্চলত সংঘটিত ডাৱৰ বিস্ফোৰণৰ ঘটনাত নিৰুদ্দেশ হৈছিল ১০০ৰো অধিক লোক। যদিও শেহতীয়াকৈ উত্তৰকাশী-হৰ্শিল পথ সংযোগ আংশিকভাৱে পুনৰুদ্ধাৰ কৰা হৈছে, তথাপিও গংগোত্ৰী তীৰ্থযাত্ৰা বন্ধ হৈ আছে। সীমান্ত পথ সংস্থাক জৰুৰী মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে গংগোত্ৰী যাত্ৰা সম্পূৰ্ণৰূপে পুনৰ আৰম্ভ কৰিব পৰা যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

July 3, 2026 1:08 pm
ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd