NORTHEAST NOW (Assamese)

দক্ষিণ আফ্ৰিকাত অসমৰ খেলুৱৈৰ সাফল্য : নৱম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপৰ ফাইনেলত নিচাদ

December 2, 2018 7:55 am · পুলেন্দ্ৰ দাস

দক্ষিণ আফ্ৰিকাৰ ডাৰবানত  ২৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা নৱম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত  বৰপেটাৰ নিচাদ আলীয়ে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।

বৰপেটা জিলাৰ প্ৰতিভাৱান কাৰাটে খেলুৱৈ গৰাকীয়ে শনিবাৰ অৰ্থাৎ ১ ডিচেম্বৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ৭৬ কেজি শাখাত বিপক্ষৰ খেলুৱৈক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।

বিশ্ব কাৰাটে ৰেংকিং জুনিয়ৰৰ ২৬ তম স্থানপ্ৰাপ্ত নিচাদ আলীয়ে আজি প্ৰতিযোগিতাৰ ফাইনেল খেলত দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বৰপেটা টাউনৰ আজাদ নগৰৰ বাসিন্দা হাচমত আলী আৰু নিলোফাৰ বেগমৰ পুত্ৰ নিচাদ আলীয়ে বিভিন্ন ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত পদক লাভ কৰি নিজৰ প্ৰতিভা উজ্বলাই তুলিবলৈ সক্ষম হৈছে। কাৰাটে চেম্পিয়নত নিচাদ আলীয়ে তৃতীয় বাৰৰ বাবে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছে।

Related News