• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰিত নিৰ্বাচনী যুঁজ তুংগত : ত্ৰিকোণীয়া যুঁজৰ সম্ভাৱনা, অগপৰ উত্থান

বিদ্যুৎ জ্যোতি বৰা by বিদ্যুৎ জ্যোতি বৰা
December 2, 2018 8:15 am
panchayat chamaguri.photo

চামগুৰিত পঞ্চায়ত প্ৰাৰ্থীৰ প্ৰচাৰ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাঁথো তিনিটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক হিংসা-প্ৰতিহিংসাৰ মাজেৰে নগাঁও জিলাৰ চামগুৰি সমষ্টিতো  ৰাজনৈতিক দল সমূহে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য অব্যাহত ৰখা পৰিলক্ষিত হৈছে। ৮৮ নং চামগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত চাৰিটাকৈ জিলা পৰিষদৰ আসনৰ বাবে অগপ, বিজেপি, আৰু কংগ্ৰেছ দলে পৰস্পৰে পৰস্পৰৰ বিফলতাৰ ব্যাখ্যাৰে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই সাধাৰণ ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে ৷

সমষ্টিটোৰ অধীনৰ ৩৩৮৬০ গৰাকী ভোটাৰ থকা চামগুৰি জিলা পৰিষদৰ আসন খনৰ বাবে অগপ দলৰ মনোনীত প্ৰাৰ্থী অৰুন্ধতী শইকীয়া ( ৰঞ্জু), বিজেপি দলৰ প্ৰাৰ্থী ৰীতা কাকতি বৰা  আৰু কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী  ৰানু হাজৰিকা ভূঞাই ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিগত সময়ত ২৩ নং চামগুৰি জিলা পৰিষদৰ অন্তৰ্গত ৬ টা পঞ্চায়ত ক্ৰমে- চামগুৰি,উদমাৰী,ৰঙাগড়া,নিজ ভেলেউগুৰি,ভৰাগুৰি আৰু সূতাৰগাঁও গাঁও পঞ্চায়ত কংগ্ৰেছৰ দখলত আছিল।

Apply Now

অনুসূচিত জাতিৰ বাবে সংৰক্ষিত চামগুৰি জিলা পৰিষদৰ আসনখনত অগপ দলৰ প্ৰাৰ্থী অৰুন্ধতী শইকীয়াই জিলা পৰিষদটোৰ অধীনৰ পঞ্চায়ত সমূহৰ সাধাৰণ ভোটাৰ ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ৷

৮৫’ৰ অসম আন্দোলনকাৰী পৰিয়ালৰ সদস্যা অৰুন্ধতী শইকীয়াই পৰিৱৰ্তনৰ সপোন দেখি বিজেপি দলত অন্তৰ্ভুক্ত হৈছিল যদিও  পঞ্চায়ত এলেকাত বহু উন্নয়নমুলক কাম কৰাৰ সুবাদতে  বিজেপিৰ সভাপতি পদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল যদিও শেষান্তত দলে বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ উত্থাপন হৈছে৷

আনহাতে, ৪৮৪৫৭ গৰাকী ভোটাৰ থকা বাজিয়াগাঁও জিলা পৰিষদৰ আসনখনৰ বাবে বিজেপি প্ৰাৰ্থী ছালমা খানমৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী নাছৰিন ৰেৱাজে প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে ৷ চামগুৰি জিলা পৰিষদৰ আসনখনত তিনিকোণীয়া যুঁজ হোৱা বিপৰীতে বাজিয়াগাঁও জিলা পৰিষদৰ আসনখনৰ বাবে কংগ্ৰেছ আৰু বিজেপিৰ মাজতে যুঁজ সীমাৱদ্ধ থকাৰ সম্ভাৱনা আছে।

আনহাতে, সমষ্টিটোৰ অন্তৰ্গত প্ৰায় ৩৭ হাজাৰ ভোটাৰ থকা  শিঙিমাৰী জিলা পৰিষদ আৰু ৩০৫১৬ গৰাকী ভোটাৰ থকা আমবাগান জিলা পৰিষদটোত  প্ৰাৰ্থীসকলেও নিৰ্বাচনী প্ৰচাৰ কাৰ্য তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। শিঙিমাৰী জিলা পৰিষদৰ আসনখনৰ বাবে কংগ্ৰেছ দলৰ অহিদা বেগমৰ বিপৰীতে বিজেপি দলৰ প্ৰাৰ্থী ৰুবিয়া চুলতানা আৰু অগপ দলৰ প্ৰাৰ্থী আঞ্জুমা বেগমেও ভোটাৰ ৰাইজৰ মাজত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে৷

আনহাতে, আমবাগান জিলা পৰিষদৰ আসনখনৰ বাবে বিজেপি দলৰ প্ৰাৰ্থী প্ৰেমানন্দ দাস আৰু অগপ দলৰ প্ৰাৰ্থী অচিম শৰ্মাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনোৰঞ্জন সিংহাই প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে।

উল্লেখ্য যে, চামগুৰি সমষ্টিৰ অধীনৰ উক্ত জিলা পৰিষদৰ আসন কেইখন বিগত দিনত কংগ্ৰেছৰ দখল আছিল যদিও এইবাৰ নিৰ্বাচনত কোন দলে দখল কৰিব পাৰে সেয়া সময়তহে ক’ব পৰা যাব।

ইপিনে নিজ ভেলেউগুৰি গাঁও পঞ্চায়তত বিজেপি প্ৰাৰ্থী নিৰমায় দাসৰ লগত কংগ্ৰেছৰ প্ৰাৰ্থী তুতুমনি দাসৰ মুল যুঁজখন হ‘ব যদিও অগপৰ প্ৰাৰ্থী মিনতি দাসৰ সমৰ্থকেহে  নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি সচেতন ৰাইজে মত পোষণ কৰিছে।

আঞ্চলিক সদস্য পদৰ বাবে পঞ্চায়তটোত ইন্দ্ৰ মোহন শইকীয়া(যাদৱ)ৰ নাম সততে উচ্চাৰিত হৈ আহিছে যদিও পঞ্চায়তটোৰ বিগত দুটা কাৰ্যকালৰ সভাপতি, কংগ্ৰেছৰ মামনি শইকীয়া বৰাই সৃষ্টি কৰিছে বৃহৎ প্ৰত্যাহ্বান ৷ বিজেপিৰ যুৱ নেতা পিন্টু ডেকাইয়ো বিগত সময়ত পঞ্চায়তটোত কৰি অহা উন্নয়নমূলক কামৰ খাতিৰতে আসনখন দখল কৰিব পাৰিব বুলি আত্মবিশ্বাসী হৈ আছে ৷ পঞ্চায়তটোৰ ৫২৮ গৰাকী ভোটাৰ থকা ৩ নং ৱাৰ্ডৰ বিজেপি দলৰ সদস্য পদৰ প্ৰাৰ্থী ৰূপালী বৰাৰ জনপ্ৰিয়তায়ো দলত শক্তি বিস্তাৰ কৰিব বুলি আশাবাদী ৷

ইপিনে চামগুৰি গাঁও পঞ্চায়তত সভাপতি পদৰ বাবে বঙহ যুঁজ অব্যাহত ৷ অগপৰ চিনু হাজৰিকা আৰু বিজেপিৰ মনিকা হাজৰিকাৰ মাজৰ ভোট বিভাজনে কংগ্ৰেছৰ লিপিকা দাসক ৱাক অভাৰ দিব বুলি চৰ্চা হোৱাৰ লগতে আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী কংগ্ৰেছৰ জিতেন ৰবিদাসে বিজেপিৰ বাবুল চন্দ্ৰ দাস আৰু অগপৰ পাপৰি হাজৰিকাক প্ৰত্যাহ্বান জনায় শেষ হাঁহি মাৰিব বুলিহে জানিব পৰা গৈছে।

ৰঙাগড়া গাঁও পঞ্চায়তত সভাপতি পদৰ বাবে কংগ্ৰেছৰ চিচিলীয়া হেমৰমে বিজেপিৰ প্ৰাৰ্থী বীতু দাস গুপ্তাক প্ৰত্যাহ্বান জনাব বুলি জানিব পৰাৰ লগতে অগপৰ প্ৰাৰ্থিত্ববিহীন পঞ্চায়তটোত কংগ্ৰেছৰ সীমা বৰ্মন আৰু বিজেপিৰ ননী বৰাৰ মাজত সমানে সমানে যুঁজ অব্যাহত থাকিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে ৷

বিদ্যুৎ জ্যোতি বৰা

বিদ্যুৎ জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd