• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱ দৌলত এন্দুৰৰ সন্ত্ৰাস : বৃহৎ এন্দুৰৰ জাকে ফোঁপোলা কৰি পেলাইছে দৌল চৌহদ

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , December 2, 2018 7:31 am

2 min read

IMG-20181201-WA0005

শিৱ দৌলত এন্দুৰৰ সন্ত্ৰাসৰ বুজ লৈছে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াই। ফটো : নৰ্থইষ্ট নাও

381
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ শিৱ দৌল চৌহদত এতিয়া এন্দুৰৰ সন্ত্ৰাস চলিছে। চৌহদৰ বাহিৰে ভিতৰে এতিয়া শ শ এন্দুৰৰ উপদ্ৰৱ। দিনক দিনে বৃদ্ধি পোৱা এই এন্দুৰৰ জাকটোৱে শিৱ দৌল চৌহদত সৃষ্টি কৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। এন্দুৰে সৃষ্টি কৰা এই বৃহৎ বৃহৎ গাঁত বোৰৰ বাবে এতিয়া ভিতৰৰ পৰা গাঁথনি ফোঁপোলা হৈ পৰাৰ আশংকা কৰা হৈছে।

এতিয়া প্ৰশ্ন হৈছে যি কোনো মুহূৰ্ততে বাগৰি পৰিব পাৰে নেকি এছিয়াৰ ভিতৰতে আটাইতকৈ ওখ সোণৰ কলচী যুক্ত শিৱ দৌল ? দৌল চৌহদৰ বাহিৰে ভিতৰে বৃহৎ এন্দুৰৰ জাকে মাটি ওলিয়াই এতিয়া ফোঁপোলা কৰি পেলাইছে দৌল চৌহদ।

IMG-20181201-WA0004
শিৱ দৌলত এন্দুৰৰ সন্ত্ৰাস। ফটো : নৰ্থইষ্ট নাও

প্ৰত্যক্ষ দৰ্শীৰ মতে এই এন্দুৰ সমুহ প্ৰায় এটা গাহৰি পোৱালিৰ সমান। শ শ সংখ্যাৰ এই এন্দুৰৰ জাকটোৱে দৌল চৌহদটোত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি কৰাই নহয় শিৱ দৌল দৰ্শন কৰিবলৈ অহা দৰ্শনাৰ্থীৰ গাতো বগাই এই এন্দুৰ বোৰে।

দৌল চৌহদত কৰ্মৰত এজন কৰ্মচাৰীক এন্দুৰে ভৰিত কামোৰাৰ বাবে চিকিৎসাধীন হ’বলগীয়া হৈছে। দৌলত আশ্ৰয় লৈ থকা পাৰ চৰাইকো এন্দুৰে কামুৰি লৈ যায় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

আনহাতে দৌল চৌহদৰ কাষতে থকা কেন্দ্ৰীয় পুৰাতত্ব বিভাগক স্থানীয় ৰাইজে বাৰম্বাৰ অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাৰ এক অভিযোগ উঠিছে।

যি সময়ত দেশৰ লগতে বিদেশৰ পৰা অহা পৰ্য্যটক, তীৰ্থ যাত্ৰী তথা বনভোজৰ দলে শিৱ দৌ’ল দৰ্শনৰ বাবে ভিৰ কৰে ঠিক তেনে সময়তে দৌল চৌহদত সৃষ্টি হোৱা এন্দুৰৰ সন্ত্ৰাসে দৰ্শনাৰ্থী তথা পৰ্য্যটকৰ সংখ্যা হ্ৰাস কৰিব বুলি আশংকা কৰিছে ৰাইজে।

ৰাইজৰ আন এক অভিযোগ যি সময়ত পৰ্য্যটকৰ আগমন ঘটে শিৱ দৌললৈ,  ঠিক সেই সময়তে দৌলটো ৰং কৰাৰ বাবে ওখ ওখ বাঁহ লগায় থয় যাৰ বাবে দেশী- বিদেশী পৰ্য্যটকসকল দৌলটোৰ প্ৰকৃত সৌন্দৰ্য্য উপভোগ কৰাৰ পৰা বঞ্চিত হয় ।

ইপিনে, শনিবাৰে  শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে বিষয়টো গুৰুত্ব সহকাৰে লৈ দৌল চৌহদৰ পৰিস্থিতিৰ বুজ লয়।

Recent News

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে, ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd