একবিংশ শতিকাত কোনো এটা জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে প্ৰধানতঃ তিনিটা কাৰকৰ ওপৰত-
ক) ভাষা-সংস্কৃতি,
খ) বিজ্ঞান-প্ৰযুক্তি, আৰু
গ) অৰ্থনীতি ।
এই তিনিওটাক নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে ৰাজনীতিয়ে। অসমীয়া জাতিৰ ক্ষেত্ৰতো এই একেখিনি কথা প্ৰযোজ্য। সেয়েহে অসমৰ উন্নতি কামনা কৰা মানুহৰ ৰাজনীতিৰ প্ৰতি বিৰাগ থাকিলে নহ’ব।
কিন্তু কি হ’ব আমাৰ ৰাজনীতি? কেনে হোৱা উচিত আমাৰ ৰাজনীতি? কাৰ হাতত আমি অৰ্পণ কৰিম শাসনৰ বাঘজৰী?
এক নতুন আঞ্চলিকতাবাদী ‘তৃতীয় বিকল্প’?
কংগ্ৰেছ? বিজেপি? অগপ? বাওঁপন্থী?
আমাৰ বোধেৰে হঠাতে এটা আঞ্চলিক বিকল্প দলৰ জন্ম হৈ ২০২১ত অসমৰ শাসনভাৰ ল’ব নোৱাৰে। অৱশ্যে অসমীয়া মানুহৰ অদমনীয় ক্ষোভ আৰু তাতোকৈ অধিক আৱেগৰ উদ্গীৰণ হ’লে হয়তো এই আঞ্চলিক শক্তিৰ হাতত অসমৰ ৰাইজে নিমিষতে শাসনভাৰ তুলি দিব, ঠিক অসম আন্দোলনৰ পাছত অগপক দিয়াৰ নিচিনাকৈ। কিন্তু এনে হোৱাটো ব্যক্তিগতভাৱে আমি কামনা নকৰোঁ। ই অসমৰ বাবে বিশেষ উপকাৰী হ’ব বুলি আমি নাভাবোঁ। অত্যাধিক আৱেগৰ ফচলে ৰচা ইতিহাস জানো অসমৰ মানুহে পাহৰিব পাৰিব ?
আনহাতে কেৱল দিল্লীৰ কথাত উঠা-বহা কৰা নেতৃত্বৰে ঠাহ খাই থকা সৰ্বভাৰতীয় দলে শাসনভাৰ ল’লেও অসমৰ অৱস্থা উন্নত হোৱাৰ আশা নাই। গোপীনাথ বৰদলৈৰ দৰে অসমীয়া নেতা সৰ্বভাৰতীয় দলত থাকিলে অৱশ্যে কথাটো সুকীয়া।বাওঁপন্থী শক্তি শাসনভাৰ ল’ব পৰাকৈ অসমত শক্তিশালী নহয়। তদুপৰি অসমৰ এক বুজন সংখ্যক ৰাইজে বাওঁপন্থী শক্তিক আস্থাত ল’ব নোখোজে ! বাওঁপন্থী শক্তিয়ে অসমৰ জাতীয় চেতনা, জাতীয় সমস্যাক গুৰুত্ব নিদিব বুলি আশংকা কৰে। এনে শংকাৰ ভিত্তি একেবাৰে নোহোৱা নহয়।
প্ৰচলিত বাওঁপন্থী মহলটো এটা সুস্পষ্ট আৰু নিৰ্দিষ্ট মতাদৰ্শক মানি চলা কেডাৰৰ সমষ্টি নহয়। আজিৰ তাৰিখত গান্ধীবাদী, আম্বেদকাৰবাদী, লোহিয়াপন্থী সমাজবাদী, মাৰ্ক্সবাদী, লেনিনবাদী, আন্তৰ্জাতিকতাবাদী আদি সকলোকে একেলগে বাওঁপন্থী বুলি অভিহিত কৰা হৈছে। এই ‘ব্ৰেণ্ড’টোৰ মাজত এনে কিছু লোক আছে যিয়ে আন্তৰ্জাতিকতাবাদৰ নামত অসমৰ জাতীয় সমস্যা-আৱেগ-অনুভূতিক সমূলি গুৰুত্ব নিদিয়ে। আমাৰ দৃষ্টিত, এই তথাকথিত আন্তৰ্জাতিকতাবাদীসকল প্ৰধানতঃ বাঙালী বাওঁপন্থী মহলৰ দ্বাৰা প্ৰভাৱিত আৰু পৰিচালিত। আমি পোনছাতেই এইধৰণৰ বাওঁপন্থীক অসমৰ ৰাজনৈতিক ভৱিষ্যত অৰ্পণৰ বিৰোধিতা কৰিছো।
কিন্তু অসমত বৰ্তমান এনে এক শক্তিশালী বাওঁপন্থী শক্তি আছে যাৰ ওপৰত জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদৰ সাংঘাতিক প্ৰভাৱ আছে আৰু যি আপোচহীনভাৱে অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ বাবে যুঁজি আছে, আনকি দিল্লী কেন্দ্ৰিক বাওঁপন্থী মহলৰ অপপ্ৰচাৰৰ বিৰুদ্ধে যুঁজিছে, আন্তৰ্জাতিক মানৱতাবাদী মহলৰ বিৰুদ্ধেও যুঁজিছে। এই বাওঁপন্থীসকল শিক্ষিত, বিজ্ঞানমনস্ক আৰু দুৰন্ত অসমপ্ৰেমী। অসমত ‘কেব’বিৰোধী আন্দোলন পোনপ্ৰথমে এই বাওঁ-গণতান্ত্ৰিক মহলেই আৰম্ভ কৰিছিল।
অসমৰ জাতীয়তাবাদীসকলে আৰম্ভণিতে এই আন্দোলনক উপলুঙা কৰি ‘কেব’ৰ প্ৰতি উদাসীন হৈ আছিল। অৱশ্যে অতি কম দিনৰ ভিতৰতে অসমীয়া জাতীয়তাবাদী শিবিৰে ‘কেব’ৰ ভয়াবহতা বুজি উঠিলে, তেওঁলোকেও ‘কেব’ৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিলে। অৰ্থাৎ, আমি দেখিলো যে ‘কেব’ৰ ক্ষেত্ৰত অসমৰ বাওঁপন্থীমহল জাতীয়তাবাদী সকলতকৈ বেছি দূৰদৰ্শী আৰু সচেতন আছিল! তদুপৰি কমিউনিষ্ট দলকেইটাই অসমৰ বিদেশী সমস্যা সমাধানৰ স্বাৰ্থত দৃঢ়তাৰে এন আৰ চিৰ পক্ষত থিয় দিছে, তেওঁলোকৰ সৰ্বভাৰতীয় নেতৃত্বকো সৈমান কৰাইছে, ‘কেব/কা’ৰ বিৰুদ্ধে তীব্র আন্দোলন গঢ়ি তুলিছে আৰু অসম চুক্তি ৰক্ষাৰ দাবীক প্ৰাধান্য দিছে ।
এনেকুৱা বাওঁপন্থী শক্তিয়ে অসমৰ আঞ্চলিক ৰাজনৈতিক শক্তিৰ লগত অসম আৰু অসমীয়াৰ স্বাৰ্থত এখন ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰাম চলাই যোৱাৰ সম্ভাৱনা নিঃসন্দেহে আছে। কিন্তু বিজেপি আৰু এওঁলোকৰ অনুগত তথাকথিত জাতীয়তাবাদী দল-সংগঠনে এনেকুৱা এখন সংগ্ৰাম চলাটো কেতিয়াও নিবিচাৰে। সেয়ে নানা অপপ্ৰচাৰ, কুৎসা ৰটনা কৰি অসমপ্ৰেমী শক্তিসমূহক বিভাজিত কৰি ৰাখি এই হিন্দুত্ববাদী আৰু সুবিধাবাদী, ভণ্ড জাতীয়তাবাদীমহল ক্ষমতাত আছে, ভৱিষ্যতেও থকাৰ ষড়যন্ত্ৰ ৰচিছে। প্ৰ’পাৰ (proper) অসম আৰু ইম্প্ৰ’পাৰ (improper) অসমৰ প্ৰসংগ এনেয়ে হঠাতে টেলিভিছনত ভাঁহি ফুৰা নাছিল। ‘কেব’ৰ সপক্ষে ভোট দি আহি অগপই এনেয়ে ‘কা’ বিৰোধৰ ভাওনা কৰি থকা নাই!
ক্ষমতাৰ খকত ডিঙিত গেৰুৱা পঘা মেৰিয়াই অগপৰ নেতৃত্বই down-to-earth হৈ বিজেপি চৰকাৰৰ লগত ‘শান্তি সমদল’ কৰি ঘূৰি ফুৰিছে। এই শান্তি সমদলত অসমৰ শান্তিৰ কামনা নাই। অতুল-কেশৱ-ফণী-বীৰেন্দ্ৰৰ অগপই ‘জয় আই অসম’বুলি অসমখনকে গিলি পেলাইছে। আনকি তৃণমূল কৰ্মীৰ অসম প্ৰেমেও অগপক নাগপুৰৰ চৰণত শৰণ লোৱাত বাধা দিব নোৱাৰিলে। এনে জাতীয়তাবাদী নেতাৰ হাতত জানো কেতিয়াবা অসম সুৰক্ষিত হ’ব?
আমি ২০১৯ৰ লোকসভা নিৰ্বাচনৰ আগে আগে বিজেপি বিৰোধী সন্মিলিত ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক শক্তিকে এক সাময়িক বিকল্প বুলি মত পোষণ কৰিছিলো। অৰ্থাৎ, আমাৰ এই সন্মিলিত শক্তিৰ অভিধাত অসমৰ আঞ্চলিক ৰাজনৈতিক দলবোৰৰ লগতে কংগ্ৰেছৰ দৰে সৰ্বভাৰতীয় দলো চামিল আছিল, বাওঁপন্থী দলকেইটাও আছিল। আমি এই কথাও কৈছিলোঁ যে সদ্যহতে লোকসভা নিৰ্বাচনৰ বাবে এই সন্মিলিত শক্তি যদিও জৰুৰী অসমৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে কিন্তু আঞ্চলিকতাবাদী-বাওঁপন্থী শক্তিৰ উত্থান ঘটিব লাগিব। পিছে ২০১৯ত ৰাইজে আকৌ বিজেপিক ভোট দিলে। ৰাজনৈতিক সমীকৰণ একেই থাকিল। ২০২১ৰ বাবে সেয়ে আমি উক্ত সন্মিলিত ৰাজনৈতিক শক্তিক (অতুল-কেশৱসবক বাদ দি) সমৰ্থন কৰাৰ কথাই পুনৰ ক’ব খুজিছোঁ । উল্লেখ্য যে আমি কংগ্ৰেছক নেতৃত্ব দিয়াৰ কথা কোৱা নাই, তেওঁলোকৰ সহযোগহে লোৱাৰ কথা কৈছো।
এই কথা কোৱাৰ প্ৰয়োজন নাই যে বাওঁ-গণতান্ত্ৰিক মহলে আৰম্ভ কৰা ‘কেব’বিৰোধী আন্দোলনখন আজি সঁচা অৰ্থত ৰাইজৰ আন্দোলন হৈ পৰিছে, অসমৰ বিভিন্ন প্ৰান্তৰ ভিন্ন মতাদর্শৰ অসমপ্ৰেমী ব্যক্তি-সংগঠন স্বতঃস্ফূৰ্তভাৱে ওলাই আহি বিজেপি চৰকাৰ আৰু ‘কেব/কা’ৰ বিৰোধ কৰিছে। শিল্পী-জাতীয়তাবাদীৰ আন্দোলনৰ মঞ্চৰ পৰা কোনো দূৰদৰ্শিতা, চিৰিয়াছনেছ অবিহনে সাময়িক ক্ষোভ আৰু আৱেগৰ বশৱৰ্তী হৈ একাংশই বিজেপিক হৰুৱাবলৈ নতুন ৰাজনৈতিক দলৰ কথাও কৈছে! এই দলৰ নীতি-আদর্শ-কাৰ্যপন্থা-ৰণনীতিৰ কোনো সুস্পষ্ট ধাৰণা কাৰো ওচৰত নাই, অথচ আন্দোলনৰ পৰা এইদৰে জাগি ওলোৱা দলটোৱে অতি সহজে বিজেপিক পৰাভূত কৰি অসম ৰক্ষা কৰিব বুলি একাংশই আত্মসন্তুষ্টি লভিছে। আন একাংশই কৈছে, আমাক আৰু ৰাজনৈতিক নেতা নালাগে! ৰাজনৈতিক নেতা অবিহনে ৰাজনৈতিক যুঁজ যুঁজিব কেনেকৈ হে? এই কথা কিয় পাহৰি যায় যে বিজেপিয়ে ৰাজনৈতিক ক্ষমতা হস্তগত কৰিহে ‘কা’ আনি অসম তথা ভাৰতীয় সংবিধানৰ বিপদ মাতিছে। এই বিপদ ৰাজনৈতিক ভাৱেই আঁতৰ কৰিব লাগিব।
শ্রদ্ধেয় ৰাইজ, কথাবোৰ ভালদৰে গমি-পিতি চাওক, কথাবোৰৰ আগ-গুৰি বিচাৰি লওক, এনেয়ে হাৱাতে ‘পলিটিকেলি কাৰেক্ট’হৈ বাস্তৱক্ষেত্ৰত কামত নহা বচন আওৰাই থাকি লাভ নাই অসমৰ উন্নতিৰ বাবে যিদৰে আমাৰ ভাষা-সাহিত্য-সংস্কৃতি জাতিষ্কাৰ হৈ থাকিব লাগিব, অসমৰ বিজ্ঞান-প্ৰযুক্তি আৰু অৰ্থনীতিও সমানেই আগবাঢ়ি যাব লাগিব। আৰু এয়া হ’বলৈ হ’লে এক সুস্থ জাতীয় চেতনা সম্পন্ন, শিক্ষিত আৰু বিজ্ঞানমনস্ক ৰাজনৈতিক শক্তি অসমৰ বাবে অপৰিহাৰ্য। কিন্তু এয়া হঠাতে হোৱা বস্তু নহয়!
সম্প্ৰতি আছুৱে ‘কা’-বিৰোধী আন্দোলনৰ মঞ্চৰ পৰা বিকল্প আঞ্চলিক দল গঠন কথাৰ কথা কৈ আছে। বৃহত্তৰ অসমীয়া সমাজৰ ভাষা-সংস্কৃতি, অৰ্থনীতি আৰু বিজ্ঞান-প্ৰযুক্তিৰ ভেটি সুদৃঢ় কৰাৰ দূৰদৰ্শী পৰিকল্পনাৰে সকলো শ্ৰেণীৰ লোকৰ সম-উন্নয়নৰ নীতিৰে এটা নতুন আঞ্চলিক দল গঠন হ’লে আপত্তি কৰিবলগীয়া নাই। কিন্তু এই দলে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অকলেই বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰাৰ নীতি হাতত ল’লে অসমত পুনৰ অসমবিৰোধী আৰু সাম্প্ৰদায়িক বিজেপি দল শাসনত অধিষ্ঠিত হোৱাৰ এক শক্তিশালী সম্ভাৱনা থাকিব! আমি সকলোৱে এটা কথা অনুধাৱন কৰিব লাগে যে ভাৰতীয় সংবিধান আৰু অসম চুক্তিক অন্তৰৰ পৰা সন্মান কৰা ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক শক্তি কেতিয়াও অসমৰ বাবে অস্পৃশ্য বা শত্ৰু হ’ব নোৱাৰে।
পৰিশেষত, অগপৰ যি আপোচহীন অসমপ্ৰেমী কৰ্মী-নেতা আছে তেওঁলোক, অসমৰ মূলসুঁতিৰ ‘অৰাজনৈতিক’ জাতীয়তাবাদী তথা জনগোষ্ঠীয় অসমীয়াসকল, অখিল গগৈ আৰু তেওঁৰ নেতৃত্বত থকা আপোচহীন সংগ্ৰামী, মূলসুঁতিৰ বাওঁপন্থী দল, কংগ্রেছকে ধৰি আন বিজেপি বিৰোধী সৰ্বভাৰতীয় ধৰ্মনিৰপেক্ষ দল একলগ হৈ ২০২১ৰ নিৰ্বাচনত অসমবিৰোধী বিজেপিক পৰাভূত কৰিব নোৱাৰে কিয়?