NORTHEAST NOW (Assamese)

২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা অনুৰাধা শৰ্মা পূজাৰীলৈ

December 30, 2021 2:23 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 30, 2021 3:07 pm

২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা বিজয়ীৰ নাম আজি ঘোষণা কৰা হৈছে।

সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে এই বৰ্ষৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছে। উপন্যাস ‘ইয়াত এখন অৰণ্য আছিল’ ৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হয়।

ঔপন্যাসিক মৃণাল কলিতালৈ আগবঢ়োৱা হৈছে শিশু সাহিত্যৰ অকাডেমী বঁটা। ‘বকুল ফুলৰ দৰে’ উপন্যাসৰ বাবে তেখেতে এই বঁটা লাভ কৰে।

আনহাতে যুৱ লেখক অভিজিৎ বৰালৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী যুৱ বঁটা। ‘ডেউকা কোবাই যায়’ ৰ বাবে অভিজিৎ বৰাই এই সন্মান লাভ কৰে।

Related News