ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ কিয় হ্ৰাস পাব সাংসদৰ ভোটৰ মূল্য ?

ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ হ্ৰাস পাব সাংসদৰ ভোটৰ মূল্য। ইয়াৰ আঁৰত থকা কাৰকটো হৈছে কাশ্মীৰ সম্পৰ্কীয় কাৰক। উল্লেখ্য ১৮ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। এই নিৰ্বাচনত ৪,৮০৯ জন সাংসদ আৰু বিধায়কে ভোট দান কৰিব। কিন্তু জম্মু-কাশ্মীৰত সক্ৰিয় বিধান সভা নথকাৰ বাবে এইবাৰ ভোটৰ মূল্য হেৰফেৰ হ’ব।

শেহতীয়াকৈ ৰাষ্ট্ৰপতি নিৰ্বাচনত সংসদৰ এজন সদস্যৰ ভোটৰ মূল্য ৭০৮ ৰ পৰা ৭০০ লৈ হ্ৰাস পাইছে। ৰাষ্ট্ৰপতি নিৰ্বাচনত এজন সাংসদৰ ভোটৰ মূল্য লোকসভা, ৰাজ্যসভাৰ নিৰ্বাচিত সদস্যৰ সংখ্যা আৰু দিল্লী আৰু পুডুচেৰীকে ধৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এলেকাৰ বিধান সভাৰ সংখ্যাৰ ওপৰত আধাৰিত। মনোনীত সাংসদ আৰু বিধায়কসকলৰ লগতে বিধান পৰিষদৰ সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিবলৈ ভোট দিব নোৱাৰে। আগষ্ট ২০১৯ ত দুটা নতুন কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ, আৰু জম্মু আৰু কাশ্মীৰত বিভক্ত কৰাৰ আগতে, পূৰ্বৰ কাশ্মীৰত ৮৩ খন বিধানসভা আসন আছিল। জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন অনুসৰি, কেন্দ্ৰীয় শাসিত অঞ্চল কাশ্মীৰত এখন বিধান সভা অনুষ্ঠিত হ’ব, আনহাতে লাডাখ পোনপটীয়াকৈ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হ’ব। কেন্দ্ৰই ঘোষণা কৰিছিল যে বিধানসভা সমষ্টিসমূহৰ সীমানিৰ্ধাৰণ সম্পূৰ্ণ হোৱাৰ পিছত বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

যোৱা মাহত, জম্মু আৰু কাশ্মীৰৰ বাবে সীমানিৰ্ধাৰণ আয়োগে ইয়াৰ চূড়ান্ত আদেশ জাৰি কৰিছিল, য’ত, নতুনকৈ গঠন কৰা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ৯০ জনীয়া সদনৰ পৰামৰ্শ দিছিল। কিন্তু সেই স্থানত নিৰ্বাচিত সদন গঠন কৰিবলৈ কিছু সময় লাগিব পাৰে। ফলত সেই স্থানৰ বিধানসভাৰ বিধায়কসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ পৰা বঞ্চিত হ’ব। ১৯৭৪ চনত ১৮২ জনীয়া গুজৰাট বিধানসভা মাৰ্চ মাহত ভংগ কৰা হৈছিল।

লক্ষণীয় যে ১৯৯৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এজন সংসদ সদস্যৰ ভোটৰ মূল্য ৭০৮ নিৰ্ধাৰণ কৰা হৈছিল। ১৯৫২ চনত প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এজন সাংসদৰ ভোটৰ মূল্য আছিল ৪৯৪, আৰু পিছত ১৯৫৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৪৯৬ লৈ বৃদ্ধি হয়, তাৰ পিছত ৪৯৩ (১৯৬২), ৫৭৬ (১৯৬৭ আৰু ১৯৬৯)।

১৯৭৭ চনৰ পৰা ১৯৯২ চনলৈ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সাংসদৰ ভোটৰ মূল্য ৭০২ নিৰ্ধাৰণ কৰা হৈছিল৷ প্ৰতিজন বিধায়কৰ ভোটৰ মূল্য বিভিন্ন ৰাজ্যত ভিন্ন হয় ।কিয়নো উত্তৰ প্ৰদেশত প্ৰতিজন বিধায়কৰ ভোটৰ মূল্য ২০৮, তাৰ পিছত ঝাৰখণ্ড আৰু তামিলনাডুত ১৭৬ , আনহাতে মহাৰাষ্ট্ৰত ১৭৫। ছিকিমত, প্ৰতিজন বিধায়কৰ ভোটৰ মূল্য সাত, আনহাতে নাগালেণ্ডত ন আৰু মিজোৰামত আঠ।

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলত বিধান সভা নথকাৰ বাবে সংসদৰ প্ৰতিজন সদস্যৰ ভোটৰ মূল্য ৭০০ হ’ব বুলি কৈছিল।