NORTHEAST NOW (Assamese)

২১ জনীয়া সদস্যৰে গঠন কৰা হ’ল ডবকা শাখা সাহিত্য সভা

October 29, 2018 7:48 pm · নিখিল মুন্দ্ৰা

হোজাই জিলাৰ ডবকা শাখা সাহিত্য সভাখন পুনৰ গঠন কৰাৰ বাবে ২৮ অক্টোবৰত ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জামাল আহমেদৰ সঞ্চালনাত অঞ্চলটোৰ সাহিত্যপ্ৰেমী ৰাইজৰ বাবে এখন সাধাৰণ সভা অনুষ্ঠিত হয়।

উক্ত সভাতে জামাল আহমেদক সভাপতি, মাখন চন্দ্ৰ বিশ্বাসক উপ সভাপতি আৰু আব্দুল কৰিম খানক সম্পাদক হিচাপে লৈ ২১ জনীয়া ডবকা শাখা সাহিত্য সভাখন গঠন কৰা হয়।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সাংবাদিক জমিৰ উদ্দিন তালুকদাৰে কয় যে আশীৰ দশকত ডবকাত অসম সাহিত্য সভাৰ এক শাখা আছিল যদিও সেইখন বৰ্তমান নিষ্ক্ৰিয় হৈ পৰাত  ডবকা অঞ্চলৰ সাহিত্যনুৰাগী সকলক এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যই এই শাখাটি পুনৰুজ্জীৱিত কৰা হয়।

আনহাতে, সভাৰ আৰম্ভণিতে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মোবাৰকবস্তী গাঁৱৰ বাসিন্দা আতৰ আলী চৌধুৰীৰ মৃত্যুত মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে তেওঁৰ আত্মাৰ সদগতি কামনা কৰা হয়।

সভাত হোজাই জিলা সাহিত্য সভাৰ সভাপতি ড০ সাৰদানন্দ দেৱগোস্বামী, জিলা সম্পাদক অনুপ কুমাৰ বৰঠাকুৰ, ডবকা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পোনাৰাম গগৈ, হোজাই জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা আলম হুছেইন তালুকদাৰ, ৰহিমা বেগম সমন্বিতে কেইবাগৰাকী ব্যক্তিৰ উপস্থিতিত থাকে।

Related News