NORTHEAST NOW (Assamese)

অসমত ২১১২ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.১৪%

July 30, 2020 10:18 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

২১১২গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

ইয়াৰ ভিতৰত আছে কামৰূপ মহানগৰ জিলাৰ ২৮৩, নগাঁৱৰ ২১১, কামৰূপৰ ২১০ আৰু শোণিতপুৰৰ ১৩২গৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি অসমত সক্ৰিয় ৰোগীৰ সংখ্যা ১০,৪৭৮গৰাকীলৈ বৃদ্ধি পাইছে।

কিন্তু অসমত ক’ভিড টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হ্ৰাস পাইছে।

যোৱা ২৪ ঘণ্টাত অসমত ৪১,০২৮টা ক’ভিড টেষ্ট সম্পন্ন হৈছে।

পজিটিভৰ হাৰ হৈছে ৫.১৪শতাংশ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত এতিয়ালৈকে ২৭,৮৩২গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা মুক্তি পাই চিকিৎসালয় এৰিছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩৮,৪০৭গৰাকী।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News