NORTHEAST NOW (Assamese)

অসমত ২১৩২ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.৮২ শতাংশ

September 12, 2020 11:09 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

২১৩২গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

পজিটিভৰ হাৰ হৈছে ৬.৮২ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩১,২৫৩টা টেষ্টত এইসকল ব্যক্তিক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৬২, ডিব্ৰুগড়ৰ ১৩৪, যোৰহাটৰ ১৫৬ আৰু লখিমপুৰৰ ১৩২গৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি অসমত চিনাক্ত মুঠ ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা ১,৪০,৪৭১লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ২৩গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৪৫৩লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ এইসকল ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

শুকুৰবাৰলৈকে অসমত ৪৩০গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,০৮,৩২৯গৰাকী ব্যক্তিয়ে শুকুৰবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

Related News