শুনানিস্থলীত উপস্থিত নাথাকিল আছুৰ কোনো প্ৰতিনিধি : আছু মুৰ্দাবাদ, সমুজ্জ্বল ভট্টাচাৰ্য্য মুৰ্দাবাদ ধ্বনি
আজি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত সংসদীয় যুটীয়া কমিটীৰ শুনানিত দেখা নগ’ল সদৌ অসম ছাত্ৰ সন্থা, চমুকৈ আছুৰ কোনো প্ৰতিনিধি। নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে যদিও সমগ্ৰ অসমৰ ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰা সংগঠনটো আজি নীৰৱ হৈ থকাটোত আশ্চৰ্য্য প্ৰকাশ কৰিছে সচেতন ৰাইজ আৰু আজি শুনানিস্থলীত উপস্থিত থকা বহুতো ব্যক্তি, দল-সংগঠনে।
তাৎপৰ্য্যপূৰ্ণভাৱে আজি শুনানিস্থলীত আছু মুৰ্দাবাদ, সমুজ্জ্বল ভট্টাচাৰ্য্য মুৰ্দাবাদ ধ্বনি দিয়া দেখা যায়।
উল্লেখযোগ্য যে আছুৱে নিজৰ মত দিল্লীত হোৱা শুনানিত ইতিপূৰ্বে দিছে আৰু বিধেয়কখনৰ স্পষ্ট বিৰোধিতা কৰা বুলি অসমৰ ৰাইজৰ আগত শুনানিত অংশগ্ৰহণৰ পিছতে জনাইছিল। তৎসত্ত্বেও আজিৰ শুনানিৰ সময়ত বৃহত্তম, তথা অসমৰ বহুবোৰ বিষয়ত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি অহা ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিক আশা কৰিছিল নেকি ৰাইজে। তেওঁলোকৰ নতুনকৈ ক’ব লগীয়া নাই যদিও, ৰাইজক সমৰ্থন আৰু উৎসাহ দিবলৈকে দুজন প্ৰতিনিধি উপস্থিত থাকিব পাৰিল হেঁতেন বুলি বহুতে মত প্ৰকাশ কৰিছে।
আনহাতে এই সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ পৰা যোগাযোগ কৰাত সংগঠনটোৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে আছুৱে ইতিপূৰ্বে দিল্লীত নিজৰ মত তথা স্থিতি স্পষ্ট কৰি আহিছে। আছুৱে স্পষ্টকৈ বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে বুলি অসমৰ ৰাইজে জানে।
“আমাৰ দহটা মত নাই। কেন্দ্ৰীয় সমিতিয়ে যি স্থিতি লৈছে, সেয়াই সকলো আঞ্চলিক, জিলা সমিতিৰ মত। তেনেস্থলত সুকীয়াকৈ স্মাৰকপত্ৰ দিয়া বা মত দিয়াৰ কথা নাহে। যিবিলাক সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সৈতে শাখা সমিতিৰ মিল নাই, আঞ্চলিকে কেন্দ্ৰীয় সিদ্ধান্তক নামানে, তেওঁলোকেহে বেলেগ বেলেগৈ মত দিয়ে বা স্মাৰকপত্ৰ দিয়ে।” এইদৰে কয় লুৰিণজ্যোতি গগৈয়ে।
আনহাতে তেওঁ আজি শুনানিস্থলীত আছু-বিৰোধী ধ্বনি দিয়াৰ আঁৰত বিভাজনকামী নেতাৰ উচটনি আছে বুলি কয়। তেনেবোৰ নেতাই কি কৰি আছে অসমৰ ৰাইজে দেখি আছে বুলি কয়।
তিনিখন জিলাৰ বৰাকত দুদিন আৰু ৩০ খন জিলাক সামৰি থকা ব্ৰহ্মপুত্ৰ উপত্যকাত মাত্ৰ এদিন শুনানি লোৱাটোতো কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ আৰু অন্যায় বুলি কয়। তেওঁ কয় যে ৰাজস্থান, গুজৰাটৰ বিদেশী নাগৰিকৰ পটভূমি আৰু অসমৰ পটভূমি একে নহয়। অসমৰ আৰু কেইবা ঠাইতো শুনানি ল’ব লাগে বুলিও তেওঁ কয়।