NORTHEAST NOW (Assamese)

গোলাঘাটত ক্ৰমাৎ ভয়াৱহ ক’ভিড পৰিস্থিতি ; মৃতকৰ সংখ্যা ২২ লৈ বৃদ্ধি

May 15, 2021 8:35 pm · মীনাক্ষী ফুকন
Updated: May 15, 2021 8:37 pm
প্ৰতিনিধিত্বমূলক ছবি

গোলাঘাটত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা । আজিৰ দিনটোৰ ভিতৰতে জিলাখনত ১৪২ জন ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে।

একেদৰে মৃত্যুৰ সংখ্যাও বৃদ্ধি হৈ ২২ জন হৈছে। জিলাখনত মুঠ ৬৪৫৩৯ জনৰ ক’ভিড পৰীক্ষা সম্পন্ন হোৱাৰ বিপৰীতে ২৬৬৪ জনৰ দেহত এই মৰাত্মক ভাইৰাছ পোৱা গৈছে।

এনে পৰিস্থিতিত মোকামিলা কৰিবলৈ জিলা প্ৰশাসনে ৭ টাকৈ কন্টেইমেন্ট জ’ন ঘোষণা কৰিছিল যদিও ইতিমধ্যে সমগ্ৰ জিলাখনত ক’ভিড -১৯ সংক্ৰমণে এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে।

লগতে কালিৰ দিনটোৰ ভিতৰত ৩ জনকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। ইফালে আক্ৰান্ত সকলৰ ভিতৰত ৬৪৪ হ’ম আইছলেশ্যনত ৰখাৰ লগতে ২০৮ জনক চিকিৎসালয়তে চিকিৎসা প্ৰদান কৰি থকা হৈছে।

ইফালে চৰকাৰী সূত্ৰে প্ৰকাশ যে ,আজিৰ দিনটোত ১৮ জন লোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে আৰু এই পৰ্যন্ত সৰ্বমুঠ ২৮৩ জন লোক সুস্থ হৈ ঘৰলৈ উভতি গৈছে ।

কালিৰ দিনটোৰ ভিতৰত মৃত্যু হোৱা লোক ৩ জন হৈছে ক্ৰমে মানিক হাজৰিকা(৬৫) হাবিয়াল গাওঁ, ভাগ্যৱতী চাহু(৬৫) কমাৰগাওঁ বুধবাৰী আৰু বিজিত বৰা(৫২) চুমনি গাওঁ ।

ইয়াৰ মানিক হাজৰিকা শ্বহীদ কুশল কোঁৱৰ ক’ভিড হাস্পাতালত মৃত্যু হোৱাৰ লগতে বাকী দুজন যোৰহাট মেডিকেল কলেজ হাস্পাতালত মৃত্যু হৈছে।

শেহতীয়াকৈ খবৰ অহা অনুসৰি কিছুসময় পূৰ্বে সৰুপথাৰ ৰেভিনিউ চাৰ্কোল ১ নং ৰাজাপুখুৰীৰ শ্যাম গাওঁ কন্টেইমেন্ট জ’ন ঘোষণা কৰিছে । অৰ্থাৎ জিলা খনত আজিলৈকে ৮ টা কন্টেইমেন্ট জ’ন ঘোষণা কৰা হৈছে।

Related News