• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ কোভিড পৰিস্থিতি : অখিল গগৈৰ পত্ৰলৈ বিশেষ সঁহাৰি ৰাজ্যপাল প্ৰফেচৰ মুখীৰ, চৰকাৰক নিৰ্দেশ

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
May 15, 2021 9:14 pm
Akhil
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈৰ এক বিশেষ পত্ৰৰ প্রতি সঁহাৰি জনাইছে ৰাজ্যৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে।

ৰাজ্যপালৰ ব্যক্তিগত প্ৰধান সচিব ডঃ এছ এন ভৌমিকে ইতিমধ্যে অখিল গগৈৰ পত্ৰখনৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰি পত্ৰ প্ৰেৰণ কৰিছে।

Apply Now

প্ৰধান সচিব ডঃ ভৌমিকে ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা নির্দেশনাটোৰ সৈতে অখিল গগৈৰ পত্রখন গাঁঠি দি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি পৰামৰ্শসমূহ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে শিৱসাগৰ সমষ্টিৰ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈয়ে যোৱা ৮ মে’ তাৰিখে ৰাজ্যৰ কোভিড পৰিস্থিতিৰ নিয়্ন্ত্রণৰ ক্ষেত্ৰত চৰকাৰক কিছুমান পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ দিবলৈ ৰাজ্যপাল প্ৰফেচৰ জগজীশ মুখীক অনুৰোধ জনাই এক পত্ৰ প্ৰেৰণ কৰিছিল।

কাৰাৰুদ্ধ বিধায়ক অখিল গগৈয়ে পত্ৰখনৰ যোগে কোভিড চিকিৎসাত নিয়োজিত চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলৰ বাবে উন্নত মানৰ পিপিই কিট আৰু কোভিড ৰোগীৰ বাবে বিনামূলীয়া পৰ্যাপ্ত পৰিমাণৰ ঔষধ যোগান তথা মজুত ৰাখিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ ৰাজ্যপালক অনুৰোধ জনাইছিল।

পত্ৰখনত লগতে চৰকাৰক ৰাজ্যৰ চিকিৎসালয়সমূহত সকলো সুবিধা উপলব্ধ কৰাৰ লগতে যুদ্ধকালীন তৎপৰতাৰে প্ৰয়োজনীয় অস্থায়ী কোভিড চিকিৎসালয় নিৰ্মাণ কৰি পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন মজুত ৰখা, গাঁৱে গাঁৱে গৈ সকলো শ্ৰেণীৰ লোকক বিনামূলীয়া ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক নিৰ্দেশ দিবলৈ অনুৰোধ কৰা হৈছিল।

ইফালে কোভিডকালীন সময়ছোৱাত চৰকাৰক ঔষধ পাতিৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য নিয়্ন্ত্ৰণ কৰা আৰু কোভিড সংকট অতিক্ৰম নকৰা পৰ্যন্ত দুখীয়া শ্ৰেণী লোকক মাহিলি ৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈও উক্ত পত্ৰখনত ৰাজ্যপালক অনুৰোধ জনাইছিল বিধায়ক অখিল গগৈয়ে।

অক্সিজেন মজুতকৰণৰ লগতে ৰাজ্যৰ চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰি আইচিইউৰ বিচনা বৃদ্ধিৰ বাবে চৰকাৰক নিৰ্দেশ দিবলৈও শিৱসাগৰৰ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈয়ে ৰাজ্যপাল প্ৰফেচৰ মুখীক উক্ত পত্ৰৰ যোগে অনুৰোধ জনাইছিল।

ৰাজ্যপালে বিধায়ক অখিল গগৈৰ পত্ৰখনৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰক সকলোবোৰ পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত চৰকাৰে পৰামৰ্শলানি কেনেকৈ কাৰ্যকৰী কৰে অথবা ৰাজ্যপালৰ নিৰ্দেশ পালন কৰে নে নকৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Tags: COVID-19
প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd