ঘাতক পথ দুৰ্ঘটনা! ২০২১বৰ্ষত অসমত প্ৰাণ হেৰুৱাইছে ২২০৬জন লোকে

WhatsApp Image 2021-12-30 at 7.59.13 PM

বৃহস্পতিবাৰে অসম পৰিবহন বিভাগে জানিবলৈ দিয়ে যে অকল ২০২১বৰ্ষতে ৰাজ্যখনত পথ দুৰ্ঘটনাত ২২০৬জন লোকে প্ৰাণ হেৰুৱাইছে।

পৰিবহন বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাসে সংবাদ মাধ্যমৰ আগত কয় যে ২০২০ৰ পৰা ৪৮০০জনতকৈয়ো অধিক লোকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে যাৰ ভিতৰত ২০২১চনত ২২০৬জনৰ আৰু ২০২০চনত ২৬২৯জনৰ মৃত্যু ঘটিছে।

দাসে লগতে কয় যে বিভাগত উপলব্ধ তথ্য অনুসৰি ২০২১চনৰ ছেপ্টেম্বৰলৈকে অসমত ৫৪১৫টা দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২০ত পথ দুৰ্ঘটনাৰ সংখ্যা আছিল ৬৫৯৩টা।

তেওঁ জানিবলৈ দিয়া মতে ৰাজ্যখনত সংঘটিত বেছিভাগ দুৰ্ঘটনাই চালকৰ অৱহেলাৰ বাবে ঘটিছে।

তথ্য অনুসৰি, দ্ৰুত গতি, চালকে মদ্যপান কৰি গাড়ী চলোৱা আৰু ৰাজপথত চলাচলৰ বাধ্যতামূলক নিয়ম অনুসৰণ নকৰাটোৱেই এই দুৰ্ঘটনাসমূহৰ আঁৰৰ কাৰণ হিচাপে চিনাক্ত কৰা হৈছে।

এনেধৰণৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ পৰিবহন বিভাগে অহা ৩১ডিচেম্বৰত এক সজাগতামূলক অভিযান চলাব বুলি জানিবলৈ দিয়ে।